NORTHEAST NOW (Assamese)

কমনৱেল্‌থ গেইমছ : ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে অসম জীয়াৰী হিমা দাস ফাইনেলত

April 10, 2018 5:58 pm · এন ই নাও নিউজ
Updated: April 10, 2018 6:28 pm

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত চলি থকা ২১ সংখ্যক কমনৱেল্থ গেমছত আজি মহিলাৰ দৌৰৰ ৪০০ মিটাৰ শাখাত অসমৰ হিমা দাসে ফাইনেলত প্ৰৱেশ কৰি অসমলৈ এক প্ৰকাৰৰ অভূতপূৰ্ব গৌৰৱ কঢ়িয়াই আনিছে।

আজি এই শাখাৰ প্ৰথমখন ছেমিফাইনেলত হিমাই নিজৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ সময় লয় মাত্ৰ ৫১.৫৩ ছেকেণ্ড, যিটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ। হিমাই ৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত তৃতীয় স্থান লৈ ফাইনেলত প্ৰৱেশ কৰে। প্ৰথম আৰু দ্বিতীয় স্থানৰ প্ৰতিযোগীকেইগৰাকীয়ে সময় লৈছিল ক্ৰমে ৫১.০৮ আৰু ৫১.২৬ ছেকেণ্ড।

নগাওঁ জিলাৰ ১৮ বছৰীয়া এই উদীয়মান আৰু এথলেটিক গঠন থকা হিমাৰ এই বিৰল কৃতিত্বত সমগ্ৰ ৰাজ্যবাসী উৎফুল্ল হৈ পৰিছে। সচৰাচৰ উত্তৰ-পূবত দৌৰৰ ক্ষেত্ৰত প্ৰতিভাৰ অভাৱ দেখা যায় যদিও এতিয়া হিমাই এই ইতিহাস নতুনকৈ লিখাৰ পথত।

মন কৰিব লগীয়া যে হিমাই এই বছৰ পাঞ্জাবৰ পাটিয়ালত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফেডাৰেশ্যন কাপ এথলেটিকছত ৪০০ মিটাৰ আৰু ২০০ মিটাৰত স্বৰ্ণ পদক অৰ্জন কৰি সমগ্ৰ দেশৰে দৃষ্টি কাঢ়িছিল। তাৰ পিছতেই তেওঁ কমনৱেলথ গেইমছ অভিমুখী ভাৰতীয় দললৈ নিৰ্বাচিত হৈছিল।

হিমাই কাইলৈ এখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ প্ৰথমখন ফাইনেল খেলিব, যিটোৱে সমগ্ৰ উত্তৰ-পূববাসীক গৌৰৱিত কৰিব।

উল্লেখযোগ্য যে ছেমি ফাইনেলত প্ৰথম দুটা স্থান দখল কৰা প্ৰতিযোগীয়ে ফাইনেললৈ যোগ্যতা আহৰণ কৰাৰ লগতে এই স্থানপ্ৰাপ্তসকলৰ বাদে আনবোৰ ছেমি ফাইনেলিষ্টৰ মাজৰ দ্ৰুততম দুগৰাকী প্ৰতিযোগীয়েও ফাইনেল খেলাৰ বাবে যোগ্যতা আহৰণ কৰে। সেই সূত্ৰেই তৃতীয় স্থানত থাকিলেও হিমাই ফাইনেললৈ অগ্ৰগতি পাইছে।

Related News