কলগাছিয়াৰ আব্দুল খালেক নামৰ ব্যক্তিৰ ঘৰত জুই : ছ’চিয়েল মিডিয়াত বিধায়ক আব্দুল খালেকৰ ঘৰত জুই বুলি প্ৰচাৰ

Fire

জুই লগা ঘৰটো।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱৰ আব্দুল খালেক নামৰ এজন ব্যক্তিৰ বাসগৃহত আজি দুপৰীয়া এক অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ডটোত আব্দুল খালেকৰ কন্যা তথা কোকিলা বীণাপাণি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী হাবিজা খাতুন খুব বেয়াকৈ অগ্নিদগ্ধ হয়।

হাবিজা খাতুনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও বেয়াকৈ অগ্নিদগ্ধ হোৱা খাতুনে মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।

সূত্ৰটোৱে জনোৱা মতে গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডটো সংঘটিত হয়। হাবিজা খাতুন অগ্নিদগ্ধ হোৱাৰ লগতে লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। স্থানীয় ৰাইজ আৰু কলগাছিয়া অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নুমুওৱা হয়।

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত বহুতে জনিয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকৰ ঘৰত জুই বুলি প্ৰচাৰ চলোৱা দেখা গৈছে। লগতে একে নাম হোৱা বাবেও ভুল বুজাবুজিৰ সৃষ্টি হৈছে।