কলিয়াবৰত থলুৱা শিপিনীয়ে বোৱা গামোচাৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰিলে বিধায়ক কেশৱ মহন্তই

Gamosa_Biponi
বহিঃৰাজ্যৰ পৰা অহা গামোচাৰ ব্যৱসায়িক হেঁচাৰ পৰা থলুৱা শিপিনী সকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এইবোৰ আমদানিকৃত গামোচাৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ সমান্তৰালভাৱে অসমীয়া থলুৱা শিপিনীসকলে বোৱা গামোচাই যাতে উপযুক্ত বজাৰ এখন লাভ কৰে তাৰ প্ৰয়াসো কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপেই কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত থলুৱা শিপিনীয়ে বোৱা গামোচাৰ বিপণন কেন্দ্ৰ এটা কালি আনুষ্ঠানিকভাৱে শুভৰাম্ভ কৰে স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই‌।
কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগৰ প্ৰচেষ্টাত ৰেহাই মূল্যত সূতাৰ যোগান ধৰি থলুৱা শিপিনীসকলক গামোচা ব’বলৈ সুবিধা কৰি দিয়া হৈছিল বুলি জানিব পৰা গৈছে।
Gamosa_Biponi_2
বহাগ বিহুৰ পূৰ্বে এইসকল শিপিনীয়ে গামোচা বৈ আজি জখলাবন্ধাৰ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানৰ কাষত কালিবৰৰ মহকুমা প্ৰশাসন আৰু উদ্যোগী ৰাইজ আৰু গ্ৰীন ক্লিন জখলাবন্ধাৰ সহযোগত অস্থায়ী বিক্ৰী কেন্দ্ৰ এটা খুলি গামোচাবোৰৰ বিক্ৰী আৰম্ভ কৰে। থলুৱা তাঁতশালত বোৱা এই সমূহ গামোচা  ১২০ টকাৰ পৰা ১৫০ টকা মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।
আনহাতে এই গামোচা সমূহৰ লগতে স্থানীয় ৰাইজে তৈয়াৰ কৰা অসমীয়া গহনাও বিক্ৰীৰ ব্যৱস্থা কৰা দেখা গৈছে। গামোচ আৰু অসমীয়া গহনা দুয়োটা বস্তুৱেই গ্ৰাহকৰ পৰা সঁহাৰি লভা কৰিছে বুলি তথা গ্ৰাহকসকলে বিপণিখনত ভিৰ কৰা বুলি নৰ্থ ইষ্ট নাওক জানিবলৈ দিছে।
উল্লেখযোগ্য যে চালানী গামোচাৰ ক্ষেত্ৰত মহকুমা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি ব্যৱসায় প্ৰতিষ্ঠান সমূহত তালাচী চলোৱাৰ লগতে বহিঃৰাজ্যৰ গামোচা জব্দ কৰিছিল। কলিয়াবৰ মহকুমা প্ৰশাসনৰ এই প্ৰদক্ষেপক সকলো কলিয়াবৰীয়া ৰাইজে আদৰণি জনাইছে ।
এই প্ৰদক্ষেপটোক ক্ষণস্থায়ী নকৰি দীৰ্ঘম্যাদী কৰি জীয়াই ৰাখি প্ৰতিটো সময়তে ৰাইজৰ মংগলৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তই মোহকুমাধিপতিগৰাকীক পৰামৰ্শ দিয়ে।