NORTHEAST NOW (Assamese)

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

May 14, 2018 7:16 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰ নগৰৰ বডোফা সাংস্কৃতিক ক্ষেত্ৰত অহা ১৫ আৰু ১৬ মে’ত দুদিনীয়া কাৰ্যসূচীৰে সদৌ বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰ হ’ব।

বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে ভৰপুৰ হ’বলগীয়া এই অনুষ্ঠানৰ বাবে উদ্যোক্তা সমিতিয়ে চলাই অহা ব্যাপক প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। উক্ত অধিৱেশনত ৪ হেজাৰতকৈ অধিক লোকৰ সমাগম হ’ব বুলি আশা কৰা হৈছে।

আজি এক সংবাদমেলত সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত বাথৌ মহাসভাৰ আহ্বায়ক ল্যমছ্ৰাও দৈমাৰিয়ে কয় যে দেশ-বিদেশৰ ৪ হেজাৰতকৈ অধিক দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অধিৱেশনত নেপাল, বাংলাদেশৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ, নাগালেণ্ড, অৰুণাচল প্ৰদেশৰ পৰা বহু লোক আহিব।

বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১৬ মে’ত হ’বলগীয়া সামৰণি অনুষ্ঠানৰ মুকলি অধিৱেশনত মুখ্য অতিথি তথা সাংসদ বিশ্বজিত দৈমাৰি, সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মকে ধৰি কেইবাগৰাকী নেতা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিব তেওঁ জানিবলৈ দিয়ে।

আনহাতে, অসম চৰকাৰ আৰু বি টি চি চৰকাৰে বাথৌ পূজাক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাৰ উল্লেখ কৰি ইয়াক ৰাষ্ট্ৰীয় বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ হাগ্ৰামা মহিলাৰীক তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি বাথৌ মহাসভাৰ উপদেষ্টা ড০ মংগলসিং হাজোৱাৰিয়ে কয়।

তেওঁ সমাজৰ সকলো অংশৰ লোককে উক্ত অধিৱেশনত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

Related News