ব্যক্তিগত খণ্ডত শিক্ষা এক লাভজনক ব্যৱসায় হৈ পৰাৰ ফলত চাৰিওফালে কাঠফুলাৰ দৰে বাঢ়ি অহা ব্যক্তিগতখণ্ডৰ বিদ্যালয়বোৰ বহু সময়ত শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে হৈ পৰিছে ছিটিকাসদৃশ। চৰকাৰৰ উচিত তদাৰকৰ অভাৱত এইবোৰে কেতিয়াবা মইমতালিৰে জ্বলা-কলা খুৱায় অভিভাৱক আৰু শিক্ষাৰ্থীক।
শেহতীয়াকৈ মহানগৰীত ঘটা এটা ঘটনাই শিক্ষাৰ নামত লাভজনক ব্যৱসায় কৰা চক্ৰৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ কেনে বিলৈ হ’ব পাৰে তাৰ উদাহৰণ পোৱা গৈছে।
এইটো হাতীগাওঁ অঞ্চলৰ এখন বিদ্যালয়ৰ কাহিনী। আছাম ভেলি এডুকেইশ্যন চ’ছাইটি নামৰ এটা গোটে হাতীগাৱঁৰ মাদাৰ টেৰেচা পথৰ ৩৯ নম্বৰ ঘৰটো ভাৰলৈ লৈ আছাম ভেলি ইণ্টাৰনেশ্যনেল স্কুল নামৰ এখন স্কুল চলাই আছিল। নাম যদিও ‘ইণ্টাৰনেশ্যনেল’ ছাত্ৰ-ছাত্ৰী মাত্ৰ ১০০ মানহে আছিল। কিন্তু এবছৰ মান চলাৰ পিছত ঘৰটোৰ মালিক, অৱসৰপ্ৰাপ্ত ডি এফ অ’ ফিৰদোচ আলীয়ে ঘৰটো ভাৰালৈ নিদিয়াৰ সিদ্ধান্ত লয় আৰু ঘৰটোৰ মূল গেইটত তলা বন্ধ কৰি দিয়ে। ফলত বিদ্যালয়খনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত হাহাকাৰ লাগে। অৱশেষত বুজাবুজিৰ আধাৰত মালিকপক্ষই যোৱা বছৰৰ পৰীক্ষালৈকে যেনে-তেনে পাঠদান আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি দিয়ে।
এই বিষয়টো সংবাদ মাধ্যমক জনাবলৈ আজি আছাম ভেলি এডুকেইশ্যন চ’ছাইটিৰ অধ্যক্ষ মঃ লুটফুৰ ৰহমানে দিচপুৰ প্ৰেছক্লাবত এখন সংবাদমেল দি কয় যে মালিকপক্ষৰ লগত ২০ বছৰৰ বাবে ঘৰটো ভাৰাত লোৱাৰ তেওঁলোকে চুক্তি কৰিছিল। আৰু এই চুক্তিমৰ্মেই ২০১৬ চনত তেওঁলোকে ২ লাখ টকা আমানত ধন হিচাপে জমা দিছিল। কিন্তু মালিকপক্ষই খেয়াল-খুচি আৰু ক্ষমতা প্ৰয়োগেৰে ২০১৭ চনত ঘৰটো ভাৰালৈ নিদিয়াৰ সিদ্ধান্ত লৈ মূল গেইটত তলা লগাই দিয়ে।
ছ’চাইটিৰ অধ্যক্ষ ৰহমানে জানিবলৈ দিয়া মতে যোৱা ফেব্ৰুৱাৰি মাহৰ পৰা বন্ধ হৈ আছে বিদ্যালয়খন আৰু প্ৰায় সংখ্যক দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যলয়খন বন্ধ হ’ব লগীয়া হোৱাত বিপদত পৰে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল।
তেওঁ জনোৱামতে, অৱসৰপ্ৰাপ্ত ডি এফ অ’ ফিৰদোচ আলীৰ পত্নী ৰাবিয়া আহমেদৰ নামত থকা ঘৰটোৰ বাবে ছ’চাইটিয়ে মাহিলি ৬৮ হাজাৰ টকাৰ ভাৰা দি আহিছিল। ছটা ফ্লেট আৰু ওপৰ মহলাত চাৰিটা অসম আৰ্হিৰ কোঠা থকা ঘৰটোত তলৰ মহলাত শ্ৰেণীকোঠা ৰাখি ওপৰ মহলাকেইটাত ছাত্ৰাৱাস আৰু শিক্ষকৰ আৱাসৰ ব্যৱস্থা কৰিছিল।
প্ৰায় এটা বছৰ সুন্দৰ ভাৱে পাঠদান চলি যোৱাৰ পাছত বিদ্যালয়খনৰ পৌৰ নিগমৰ পঞ্জীয়নৰ বাবে প্ৰয়োজন হোৱা মাটিৰ খাজনা ৰচিদ, আৰু আন তথ্যসমূহ ঘৰৰ মালিকক বিচৰাত তেওঁলোকে দিবলৈ অস্বীকাৰ কৰে। তাৰ বিপৰিতে বিদ্যালয়খন সেই স্থানৰ পৰা স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
তেওঁ লগতে জনায় যে ২০১৭ চনৰ ২১ ছেপ্তেম্বৰ তাৰিখে ঘৰৰ মালিকে বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত তলা লগাই দিয়ে আৰু ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ নাহিবলৈ কয়। পৰৱৰ্তী সময়ত ২০১৭ৰ নৱেম্বৰ মাহত তলৰ মহলাত থকা শ্ৰেণীকোঠাত তলা লগায়। অৱশেষত, বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাবৰ্ষ শেষ নোহোৱা পৰ্যন্ত ওপৰৰ মহলাত থকা অসম আৰ্হিৰ চাৰিটা কোঠাত পুতৌলগা অৱস্থাত পাঠদান আৰু পৰীক্ষা পাতিব লগীয়া হয়।
অভিযোগ অনুসৰি ২০১৭ৰ ১৮ নৱেম্বৰত ফিৰদোচ আলীয়ে প্ৰায় ২০জনীয়া গুণ্ডা বাহিনী লগাই বিদ্যালয়খনৰ আচবাব লণ্ড-ভণ্ড কৰাৰ লগতে হোষ্টেল, শিক্ষকৰ আৱাসত তলা লগাই দিয়ে।
আনহাতে ছ’চাইটিয়ে জানিবলৈ দিয়ামতে, ফিৰদোচ আলী আৰু তেওঁৰ পত্নী ৰাবিয়া আহমেদে প্ৰতিমাহত ভাৰাৰ বাবত কেৱল নগদ ধন লৈছিল। চেক বা বেংক একাউন্ট ট্ৰান্সফাৰ তেওঁলোকে গ্ৰহণ কৰা নাছিল আৰু ভাৰা লোৱাৰ কোনো ৰচিদ বিদ্যালয় কৰ্তৃপক্ষক দিয়া নাছিল।
সম্প্ৰতি উপায়হীন হৈ বিষয়টো সন্দৰ্ভত আদালতৰ দ্বাৰস্থ হৈছে আছাম ভেলি এডুকেইশ্যন ছ’চাইটি।