কাইলৈৰ পৰা যোৰহাটত আৰম্ভ হ’ব এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ প্ৰথম পৰ্য্যায়ৰ কাম : জিলা উপায়ুক্ত

NRC

যোৰহাট জিলাৰ এন আৰ চি উন্নিতকৰণৰ প্ৰথম পৰ্য্যায়ৰ বংশবৃক্ষ পৰীক্ষণৰ কাম কাইলৈৰ পৰা পৰীক্ষামূলকভাৱে আৰু ১৯ ফেব্ৰুৱাৰিৰ পৰা পূৰ্ণ পৰ্য্যায়ত আৰম্ভ হ’ব।

জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিত্তালে আজি এই সম্পৰ্কে সংবাদ মাধ্যমক জনায়।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে এন আৰ চি আবেদনসমূহত থকা নামৰ বিসংগতিৰ এখন তালিকা সংশ্লিষ্ট জিলাসমূহলৈ প্ৰেৰণ কৰিছে। এই তালিকাৰ ওপৰত নিৰ্ভৰ কৰি তালিকাত বিসংগতি থকা লোক বা পৰিয়ালসমূহৰ সেৱা কেন্দ্ৰত তেওঁলোকৰ এক শাৰীৰিক সত্যাসত্য নিৰূপণ কৰা হ’ব।

মিত্তালে কয়, ‘ৰাজ্যিক সমন্বয়ক কাৰ্য্যালয়ে প্ৰস্তুত কৰা এটা চফটৱেৰে বংশবৃক্ষত দাখিল কৰা নামসমূহ মিলাই চাই নিমিলাখিনিক আঁতৰাই পেলায়। আমি জিলা পৰ্য্যায়ত এই বিসংগতি থকা পৰিয়ালবোৰক কেন্দ্ৰসমূহলৈ মাতি পঠাওঁ যাতে তেওঁলোকক সোঁ-শৰীৰে সত্যাসত্য নিৰূপণ কৰিব আৰু যিকোনো খেলিমেলি আঁতৰ কৰিব পৰা যায়। কোনোবাই যদি উত্তৰাধিকাৰ তথ্য ভুৱাকৈ ব্যৱহাৰ কৰিছিল, এই প্ৰক্ৰিয়াৰ যোগেদি তাকো ধৰা পেলাব পৰা যাব।’

এই তালিকাত থকা সকলো নাম শেহতীয়াকৈ প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত সত্যাসত্য নিৰূপিত হ’বলৈ বাকী থকাসকলৰ।

এই সন্দৰ্ভত উদাহৰণ দাঙি ধৰি মিত্তালে কয় যে ধৰক কোনোবা এজন লোকৰ নাম এজন খুৰাকে ঘৰুৱা নামেৰে বাবলু বুলি দিলে। আনহাতে লোকজনৰ অন্য এজন খুৰাকে আৰু দেউতাকে তেওঁৰ নাম দিলে পোচাকী নামেৰে ভাস্কৰ বুলি। তেনেকে কোনো এগৰাকী মহিলাক বিয়াৰ আগতে মাকৰ ঘৰত পিংকি বুলি মতাৰ বিপৰীতে বিয়াৰ পিছত নতুন ঘৰত তেওঁ সুৰভি বুলি জনাজাত হ’ল। এনে ক্ষেত্ৰত সোঁ-শৰীৰে তেওঁক এগৰাকীয়েই লোক বুলি পৰিয়ালে নিশ্চিতি দিলে এনেধৰণৰ খেলিমেলিবিলাক আঁতৰ কৰিব পৰা যাব।

সম্ভৱ হ’লে সংশ্লিষ্ট লোকজনৰ পৰিচয় পত্ৰ থাকিলেও ভাল।

মিত্তালে লগতে জনায় যে খচৰা এন আৰ চিত নাম অহা লোক এজনক এনে খেলিমেলিৰ ক্ষেত্ৰত সাক্ষী হিচাপে ল’ব পৰা হ’ব।

জিলাখনত ইতিমধ্যে সংশ্লিষ্ট লোকসকললৈ ২০০০ খন চিঠি বুথ পৰ্য্যায়ৰ বিষয়াৰদ্বাৰা পঠোৱা হৈছে।

এই প্ৰক্ৰিয়াটো ৩১ মাৰ্চলৈকে নিৰৱচ্ছিন্নভাৱে চলিব। পৰৱৰ্তী ২য় পৰ্য্যায়ৰ বংশবৃক্ষ পৰীক্ষণে কেবাখনো জিলা সামৰি ল’ব।

সভাখনত এন আৰ চিৰ নদাল বিষয়া জয়ন্ত গোস্বামী আৰু জিলা প্ৰকল্প পৰ্য্যৱেক্ষক গৌৰৱ বৰঠাকুৰো উপস্থিত আছিল।