কাইলৈ দিনটোত অসমত অসমীয়া ভাষা থাকিবনে নাথাকে, অসমীয়া সংখালঘু হ’ব নেকি -সেই দুটা কথা নিৰ্ণয় হ’ব : অখিল গগৈ

AkhilGogoi

“গুৱাহাটীত কাইলৈ, অৰ্থাৎ ৭ মে’ত হ’ব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিত অংশগ্ৰহণৰ বাবে ১২৭টা দল-সংগঠনে আৱেদন কৰিছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে শ শ দল-সংগঠন থকাৰ পিছতো মাত্ৰ ১২৭টা দল-সংগঠনেহে শুনানিত উপস্থিত থকাৰ বাবে আৱেদন জনাইছে। ইয়াৰ বিপৰীতে বৰাক উপত্যকাত ৩ শতাধিক সংগঠনে শুনানিৰ বাবে আবেদন জনাইছে।” এই মন্তব্য কৰিছে কৃষক নেতা অখিল গগৈয়ে।

উল্লেখযোগ্য যে কাইলৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত শুনানি গ্ৰহণ কৰা হ’ব। এই উদ্দেশ্যে দিল্লীৰ পৰা ইতিমধ্যে অসম আহি পাইছে যুটীয়া সংসদীয় কমিটীৰ প্ৰতিনিধি দল।

অখিল গগৈয়ে লগতে কয়, “অসমত অসমীয়া চিনেমা চাবৰ কাৰণে বিভিন্ন শিল্পীয়ে, সংবাদ মাধ্যমে, ৰাজনৈতিক নেতাসকলে আন্দোলন প্ৰতিবাদ কৰে। কিন্তু দুৰ্ভাগ্যজনক কথা অসমত অসমীয়া চিনেমা চাবলৈ, গান শুনিবলৈ কোৱা শিল্পীসকলে অসমীয়া গল্প-কবিতা লিখা সাহিত্যিকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা দেখা নাই, অথবা শুনানিত অংশগ্ৰহণৰ বাবে ইচ্ছা প্ৰকাশ কৰা নাই। যিসকল শিল্পী-সাহিত্যিকে অসমীয়া চিনেমা-গান-কবিতাৰ বাবে আন্দোলন কৰে সেইসকলক আমি খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয় প্ৰাংগণত অৱস্থান লোৱাৰ বাবে আহ্বান জনাইছো।”

আনহাতে তেওঁ এই জ্বলন্ত বিষয়টোত অসম সাহিত্য সভাৰ স্থিতি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, “সাহিত্য সভাৰ সক্ৰিয়তা ক’তো দেখা নাই। সাহিত্য সভাই দেখোন ব্যৱসায়ী, দোকানী সকলে অথবা কাৰ্য্যালয়ৰ ফলকত অসমীয়া ভাষা নিলিখিলে ক’লা ৰঙ লগাইগৈ। কিন্তু দুৰ্ভাগ্যজনক কথা অসমৰ আৱেগ জড়িত হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কিন্তু কোনো আৱেগিক আন্দোলন গঢ়ি তোলা নাই।”

তেওঁ লগতে কয়, “আটাইতকৈ ডাঙৰ কথা অসম সাহিত্য সভাৰ সভাপতিগৰাকীক কালি ফোন কৰোঁতে তেওঁ শুনানিত উপস্থিত থাকিব নোৱাৰিম বুলিহে ক’লে।

যদি কাইলৈৰ শুনানিত অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু জিলা সমিতিৰ সভাপতি সকলে অংশগ্ৰহণ নকৰে তেন্তে সেয়া সমগ্ৰ অসমবাসীৰ বাবে বিশ্বাসঘাতকতাৰ দিন হ’ব।

তেওঁলোকে যদি শুনানিত অংশগ্ৰহণৰ বাবে সময় নাপায়, তেন্তে বাহিৰত হ’লেও যাতে স্মাৰক পত্ৰ প্ৰদান কৰে। এয়া আমাৰ অসম সাহিত্য সভাৰ প্ৰতি আহ্বান।”

আনহাতে তেওঁ ৰাজনৈতিক দল বিলাকো শুই আছে বুলি অভিযোগ কৰে। “অসম গণ পৰিষদে এতিয়ালৈকে সক্ৰিয় ভূমিকা লোৱা নাই। কংগ্ৰেছ, বি পি এফ আৰু এ আই য়ু ডি এফে সক্ৰিয় ভূমিকা লোৱা নাই।” তেওঁ কয়।

“বিজেপি আৰ এছ এছে বিলখন পাছ কৰাৰ ক্ষেত্ৰত সংগঠন সমূহক স্পনছ’ৰ কৰি আছে। অসমৰ পৰা ১০০০ আৱেদন নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে যোৱাৰ বিপৰীতে ৮০০০ আৱেদন গৈছে গৃহীত কৰাৰ সপক্ষে।” গগৈয়ে কয়।