কাকপথাৰত টাই আহোম ছাত্ৰ সন্থাৰ কৈলাশপুৰ আঞ্চলিকৰ উদ্যোগত পথ অৱৰোধ

৩ এপ্ৰিলত কাকপথাৰৰ কৈলাশপুৰত দুৰ্ঘটনাত পতিত হৈ  এজন ছাত্ৰই মৃত্যুক আঁকোৱালি লোৱা ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা কৈলাশপুৰ আঞ্চলিক সমিতিয়ে ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

উল্লেখযোগ্য যে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত নয়ন চাংমাই নামৰ এজন ছাত্ৰক এখন তীব্ৰ বেগী ডাম্পাৰে খুণ্ডিয়াৰ ফলত ছাত্ৰজনে থিতাতে মৃত্যুক আঁকোৱালি লৈছিল।

আনহাতে টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত কৰা বৃহস্পতিবাৰে গ্ৰহণ কৰা পথ অৱৰোধ কাৰ্যসূচীটোত স্থানীয় ৰাইজৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে মৃত ছাত্ৰ জনৰ পৰিয়ালক সাত লাখ টকা ক্ষতিপূৰণ দিয়া, বৰডুমচাৰ পৰা ৫২ নং ৰাষ্টীয় ঘাইপথছোৱা মেৰামতি কৰা, ডাম্পাৰ সমূহৰ গতি নিৰ্ধাৰণ কৰা, অনুজ্ঞাপত্ৰ নথকা চালক সকলৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা লোৱাৰ দাবী জনায়।

আনহাতে পথ অৱৰোধ কাৰ্যসূচীৰ ফলত অৰুণাচল প্ৰদেশলৈ যোৱা শ শ গাড়ী আবদ্ধ হৈ পৰে। অৱশেষত তিনিচুকীয়া জিলা প্ৰশাসনৰ উচ্চপ্ৰদস্থ বিষয়া অৱৰোধস্থলীত উপস্থিত হৈ তেওঁলোকৰ দাবী সমূহ আলোচানা কৰি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়াত পথ অৱৰোধকাৰী সকলে অৱৰোধ স্থগিত ৰাখে।