NORTHEAST NOW (Assamese)

কাছাৰ জিলাত শৌচালয় নিৰ্মাণত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী

April 17, 2018 8:09 am · শিভাশীষ চক্ৰৱৰ্তী
Updated: April 17, 2018 8:14 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী প্ৰকল্প স্বচ্ছ ভাৰত আৰু নিৰ্মল ভাৰত আঁচনি সফলতাৰে অসমত ৰূপায়ণ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন সময়ত সক্ৰিয় ভূমিকা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ মাজতে কিছু অসৎ অভিপ্ৰায়ৰ অভিযন্তা, পঞ্চায়ত প্ৰতিনিধি আৰু অন্যান্য লোকৰ দুৰ্নীতিগ্ৰস্ত মানসিকতাৰ বাবে কাছাৰ জিলাত অনাময় আঁচনি ৰূপায়ণত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে।

কেন্দ্ৰীয় চৰকাৰে, গ্ৰাম্যাঞ্চলত যি সকল লোকৰ শৌচালয় নাই সেই লোক সকলক ১২ হেজাৰ টকা ব্যয়ৰে এটা শৌচালয় নিৰ্মাণ কৰি দিয়াৰ যি আঁচনি গ্ৰহণ কৰিছে সেয়া কাছাৰ জিলাত সম্ভৱ হৈ উঠা নাই। কোনো ধৰণৰ নীতি নিয়ম অনুসৰন নকৰাকৈয়ে জিলাখনৰ গাঁও অঞ্চলত নিৰ্মাণ কৰিছে শৌচালয়।

জিলাখনৰ লাৰছিং গাঁও পঞ্চায়তৰ অধীনৰ চাহ জনজাতীয় এখন দুখীয়া গাঁও হ’ল চাংখিৰা। এই গাঁওখনলৈ যেতিয়া চৰকাৰী শৌচালয় অনুমোদন হৈছিল তেতিয়া সেই অঞ্চলৰ লোকসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছিল।

সেই অনুসৰি গাঁওখনত শৌচালয় নিৰ্মাণৰ বাবে অভিযন্তাৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকল ব্যস্ত হৈ পৰিল। কিন্তু শৌচালয় সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পাছত কোনো লোকে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিলে। কিয়নো শৌচালয় সমূহৰ টেংকী আজি পৰ্যন্ত খোলা থকাৰ লগতে দুৱাৰ সমূহো ব্যৱহাৰৰ উপযোগী নহয় যাৰ বাবে গাঁওখনৰ কোনো এটা পৰিয়ালে এই শৌচালয় সমূহ ব্যৱহাৰ কৰিব পৰা নাই।

ইফালে শৌচালয় নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো শৌচালয় নিৰ্মাণত নিয়োজিত ঠিকাদাৰ সমূহে ইতিমধ্যে ধন লাভ কৰা বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় একাংশৰ লগতে মণ্টু চাওতাল নামৰ এজন লোকে।

উল্লেখ্য যে ৬৩ খন গাঁও পঞ্চায়ত থকা জিলাখনত অধিকাংশ গাঁৱতে এনেধৰণৰ ব্যাপক অনিয়ম তথা কেলেংকাৰী সংঘটিত হোৱা বুলি বিভিন্ন অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি একাংশ পঞ্চায়ত সদস্যই প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি অন্য লোকক শৌচালয় আৱণ্টন দিয়া বুলিও অভিযোগ উঠিছে। স্মৰ্তব্য যে কিছু লোকৰ বাবে সহজতে ধন আহৰণ কৰা আঁচনিত পৰিণত হৈছে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি সমূহ।

Related News