NORTHEAST NOW (Assamese)

কাজিৰঙাত ৰাজ্যপালৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

December 26, 2017 10:32 pm · এন ই নাও নিউজ

আজি কাজিৰঙাৰ সমীপৰ এন আৰ এল তেল ডিপোৰ সমীপত ৰাজ্যপালৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাত পতিত হয়। জানিব পৰা মতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰাজ্যপাল গৰাকীৰ এএছ ০৫ জি ৫০৮০ নম্বৰৰ কনভয়ৰ গাড়ী এখন ছুইফট ডিজায়াৰ গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয়। অৱশ্যে ৰাজ্যপাল জগদীশ মুখী দুৰ্ঘটনাত পতিত হোৱা বাহনখনত নাছিল। আনহাতে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰাজ্যপালগৰাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে কাজিৰঙালৈ আহিছিল ৷ এইখিনিতে প্ৰণিধানযোগ্য যে অসমত শেহতীয়াকৈ পথ দুৰ্ঘটনাৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। শেহতীয়াকৈ প্ৰকাশিত এক পৰিসংখ্যা অনুসৰি অসমত প্ৰতিদিনাই ৭ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ গাড়ীৰ খুন্দাত এগৰাকী পথচাৰীয়ে অকালতে প্ৰাণ হেৰুৱা লগীয়া হৈছিল।

https://youtu.be/sRWoyjusTdI

Related News