কাজিৰঙাৰ অগৰাতলিত বিশ্ব পৰিৱেশ দিৱস : ছাত্ৰ ছাত্ৰীৰ মাজত বাটৰ নাট আৰু গছপুলি ৰোপণ

World environment day at Bokakhat

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি কাজিৰঙাত বিশ্বৰ পৰা প্লাষ্টিক প্ৰদূষণক পৰাভূত কৰা সংকল্পৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি আৰু কহঁৰা বনাঞ্চলত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, ভূমি আৰু কৰবেট ফাউণ্ডেচনৰ সহযোগত উদ্যান কৰ্তৃপক্ষই আয়োজন কৰা বিশ্ব পৰিবেশ দিৱসৰ বিশেষ অনুষ্ঠানত অগৰাতলি বনাঞ্চলৰ কাষৰীয় ১০ খন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপৰি পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিসমূহৰ প্ৰতিনিধি, মৰিধনশিৰি গাঁও যুৱ মঞ্চৰ যুৱকসকলৰ লগতে স্থানীয় লোকে অংশ গ্ৰহন কৰে।

অগৰাতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক আকাশ দ্বীপ বৰুৱা, পূব অসম বন সংমণ্ডলৰ বন প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়া, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমণ্বয়ক ড০ প্ৰনৱ জ্যোতি বৰা, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা০ নবীন পাণ্ডে, কাজিৰঙাৰ উপ বন সংৰক্ষক মুকুট দাস, বিভাগীয় পশু চিকিৎসক ডা০ দেবব্ৰত ফুকন আৰু বনাঞ্চলিক বিষয়া গুনজিত তালুকদাৰ উপস্থিত আছিল।

গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত উপস্থিত অতিথি সকলে ছাত্ৰ-ছাত্ৰীৰ আগত বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য আৰু গুৰুত্ব বাখ্যা কৰে। অনুষ্ঠানত সঞ্চালক আকাশ দ্বীপ বৰুৱা আৰু বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় চৌহদতে দুটা গছৰ পুলি ৰোপন কৰি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সামুহিক গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে।

এই কাৰ্যসূচীত সমবেত সমূহ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীয়ে অগৰাতলি-বোকাখাত পথৰ দাঁতিত প্ৰায় ৩০০ টা গছপুলি ৰোপণ কৰে। উক্ত কাৰ্যসূচীৰ প্ৰতি মৰিধনশিৰি গাঁও পঞ্চায়তে বিশেষ সহযোগিতা আগবঢ়ায়।

আনহাতে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বেচৰকাৰী সংগঠন আৰন্যকৰ সৌজন্যত ‘মৰণ ফান্দ’ নামৰ এখন বাটৰ নাটো পৰিবেশন কৰা হয়। পৰৱৰ্তী সময়ত এই নাট বোকাখাত নগৰ আৰু কহঁৰা চাৰি আলিতো পৰিবেশন কৰা হয়।

বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীতে বিগত সময়ত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিয়ে আয়োজন কৰা দক্ষতা বৃদ্ধি প্ৰশিক্ষনত অংশ গ্ৰহন কৰা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য সকলক মানপত্ৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ‘কাজিৰঙা ডায়েৰী’ নামৰ সচিত্ৰ পুথি বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে মৰিধনশিৰি যুৱ মঞ্চৰ উদ্যোগত মৰিধনশিৰি জনজাতি বিদ্যালয়ৰ ছাত্ৰসকলে চাইকেল ৰেলীৰে সচেতনতাৰ সৃষ্টি কৰি আহি আজিৰ এই অনুষ্ঠানত অংশগ্ৰহন কৰে ৷ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষনত যোৱা ৪ জুনতো এই সংগঠনৰ সদস্য সকলে বোকাখাতত চাফাই অভিযান চলাইছিল।