কাজিৰঙাৰ কাষৰীয়া গাঁৱৰ লোকক মৌ-পালনৰ প্ৰশিক্ষণ চৰকাৰী বিভাগৰ

apiculture

কাজিৰঙা ( Kaziranga )ত যোৱা ২৯ এপ্ৰিলৰ পৰা কৃষি আৰু গ্ৰাম্য উদ্যোগ পৰিষদ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আয়োজন কৰা মৌ পালনৰ পাঁচ দিনীয়া প্ৰশিক্ষণৰ আজি ৪ মে’ত সামৰণি পৰে। কাজিৰঙা কহঁৰাৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্য্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁবোৰৰ ৮ খন উন্নয়ন সমিতিৰ মুঠ ৬২ গৰাকী সদস্যই প্ৰশিক্ষণ গ্ৰহন কৰে৷

প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰত্যেক প্ৰশিক্ষাৰ্থীকে কৃষি-গ্ৰাম্যোদ্যোগ পৰিষদৰ তৰফৰ পৰা ১০টাকৈ মৌ পালনৰ বাকচ আৰু ৫ টাকৈ মৌ পালনৰ সঁজুলিৰ টোপোলাৰ উপৰিও একোখনকৈ মান পত্ৰ প্ৰদান কৰা হ’ব বুলি আজি ঘোষণা কৰা হৈছে৷

কাজিৰঙাৰ বন বিষয়া তৰুণ গগৈয়ে আঁত ধৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচীটোত যোৰহাটৰ কৃষি গ্ৰামোদ্যোগ কেন্দ্ৰৰ প্ৰশিক্ষক পাপুমণি হাজৰিকা, দেৱকান্ত মহন্ত আৰু লীলাচৰণ দত্তই মৌ পালনৰ প্ৰশিক্ষণ প্ৰদান কৰে৷

প্ৰশিক্ষাৰ্থীসকলৰ ৩ গৰাকী অনুসূচীত জাতি, ২৯ গৰাকী অনুসূচীত জনজাতি আৰু ৩০ গৰাকী সাধাৰণ জাতিৰ লোক আছিল৷

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত উদ্যানৰ কাষৰীয় গাওঁসমূহত ৩২ খন পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি গঠন কৰা হৈছে আৰু এই সমিতিসমূহে গাওঁসমূহত ভালেমান জনহিতকৰ আঁচনি ৰূপায়ণ কৰিছে৷

২৯ এপ্ৰিলত অনুষ্ঠিত এই পাঁচ দিনীয়া প্ৰশিক্ষণটোৰ উদ্বোধনী অনুষ্ঠানটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশ দ্বীপ বৰুৱা, বন সংৰক্ষক, সমাজ কৰ্মী অনিমেষ শইকীয়া,  কৃষি গ্ৰাম্য উদ্যোগৰ কাৰ্যবাহী বিষয়া এন আৰ কে ৰেড্ডি আৰু উপ সঞ্চালক এইচ এন মিনা উপস্থিত আছিল।