কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত ৪০ কি. মি.তকৈ বেছি বেগত চলাব নোৱাৰিব গাড়ী, ১৪৪ ধাৰা জাৰি

বানৰ সময়ত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বন্যপ্ৰাণীৰ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে প্রশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। লগতে এই পথচোৱাত ৪০ কি. মি.তকৈ অধিক বেগত যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে। অৱশ্যে এম্বুলেঞ্চ আৰু জৰুৰীকালিন সেৱাক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।

তাৰোপৰি এলেকাটোত সুৰক্ষাকৰ্মীৰ বাদে অন্যলোকে অস্ত্ৰ-শস্ত্ৰ লৈ ফুৰাতো নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে। লগতে বানৰ সময়ছোৱাত বন্যাৰ্ত ৰাইজৰ সহায় হোৱাকৈ ৭০০ মেট্ৰিকটন চাউলৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী মজুত ৰাখিছে।

আনহাতে প্ৰশাসনৰ লগতে বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে কাজিৰঙাৰ বন বিভাগো। বানৰ সময়ত একাংশ বন্যপ্ৰাণী খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা বাহিৰলৈ ওলাই যায়। আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে দ্ৰুত গতিৰ যান-বাহনৰ খুন্দাত নিহত হয় বহু বন্যপ্ৰাণী।

ফলত এইবাৰ বন বিভাগে ৪০ কি. মি. বেগতকৈ তীব্ৰ বেগত যোৱা গাড়ীয়ে ৫০০০ টকা ভৰিব লাগিব ফলক আঁৰি দিছে। লগতে নেটৰ সহায়ত বন্যপ্ৰাণী কালভাৰ্টৰ তলেদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব পৰাকৈ এক বিশেষ ব্যৱস্থা হাতত লৈছে।