শেহতীয়াভাৱে অসম আৰু মেঘালয়ৰ মাজত থকা সীমা বিবাদ পুনৰ মূৰ দাঙি উঠিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ ১ নং ব্লকৰ চাবুদাত মেঘালয়ৰ দুষ্কৃতিকাৰীসকলে সীমান্তত থকা অসমৰ ছাইন ব’ৰ্ড মঙলবাৰে নিশা অঁতৰাই মেঘালয়ৰ ছাইন ব’ৰ্ড লগাই দিয়ে।
নিশা ডেৰ বজাত মেঘালয়ৰ পৰা ছাইন ব’ৰ্ডখন লগাবলৈ সৰু-বৰ প্ৰায় আঠখন গাড়ী আহিছিল। দুষ্কৃতিকাৰীৰ দলটোৱে অসমৰ ছাইন ব’ৰ্ডখন লৈ গৈ কিছু দূৰত জ্বলাই দিয়ে। পিছদিনা কথাটো প্ৰচাৰ হোৱাৰ লগে লগে সীমান্ত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰে।
দুষ্কৃতিকাৰীৰ দলটোৱে সীমান্তত পি এম জি এছ ৱাইৰ কাম কৰি থকা ঠিকাদাৰৰ ৰ’লাৰ এখন উমলিয়াৰ দলঙৰ ওপৰত নিশাই জ্বলাই ভস্মীভূত কৰে। তেওঁলোকে লগতে কামটোৰ সবিশেষ লিখা নামফলকখনো বিনষ্ট কৰে।
আনহাতে, ঘটনাটোক লৈ সীমান্তত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ, উপ-আৰক্ষী অধীক্ষক ডেভিদ নেংগাইটে, দণ্ডাধীশ মুস্তাফা আহমেদ, চি আই গুণাৰাম দাস, ডি এফ অ’ জয়ছিং বে’, অ’ চি জয়ন্ত কাকতি আৰু উলুকুঞ্চি উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচিত বড়ো সীমান্ত অঞ্চলটো ভ্ৰমণ কৰি মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অবৈধভাৱে লগোৱা পীলাৰ, ছাইন ব’ৰ্ড আদি জব্দ কৰি লৈ আহে।
তদুপৰি চৰকাৰী বিষয়াসকলে হাবাং ফৰেষ্ট আই বিত এখন বৈঠকত মিলিত হৈ ৰাইজৰ সৈতে বিষয়টো আলোচনা কৰি কোনো লোককে উত্তেজনাৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায়।
উক্ত সীমান্ত অঞ্চলটোত মেঘালয়ৰ দিশৰ পৰা ইতিমধ্যে অসমৰ বহু মাটি দখল কৰাৰ অভিযোগ আছে। সীমান্ত অঞ্চলত বসবাস কৰি থকা জনসাধাৰণে এই সীমা বিবাদ সন্দৰ্ভত জাতীয় দল-সংগঠনসমূহক ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।