NORTHEAST NOW (Assamese)

গুৱাহাটীৰ পৰা দুটা সোপাধৰা আহিছে বুলি ফোন কৰি পাণজুৰি গাওঁবাসীক ‘সাজু’ কৰি ৰখা ‘আলফা’ক গ্ৰেপ্তাৰ

June 13, 2018 8:02 am · এন ই নাও নিউজ
Updated: June 13, 2018 8:37 am
ডকমকা-কাণ্ডৰ মূল অভিযুক্ত আলফা জৰ্জ তিমুং।

কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰি গাৱঁত সংঘটিত নৃশংস ঘটনাটোৰ মূল পৰিকল্পনাকাৰী তথা গোটেই পৰিস্থিতিটোৰ ঘটক আলফা জৰ্জ তিমুঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি যোৱা নিশা এই দুৰ্বৃত্তজনক আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে আলফ জৰ্জ তিমুং পূৰ্বেও ডেনগাৱঁৰ মিঠু দাস নামৰ এজন লোকৰ হত্যাকাণ্ডত জড়িত আছিল। আৰক্ষীৰ সূত্ৰমতে যোৱা ৮ জুনত অমানৱীয়ভাৱে নীলোৎপল দাস আৰু অভিজিত নাথক হত্যা কৰাৰ ঘটনাটোৰ সূচনা হৈছিল জৰ্জ তিমুঙে বিয়পোৱা এটা ম’বাইল ফোন কলৰ পৰাই।

সিদিনা সন্ধিয়া নীলোৎপল দাস আৰু অভিজিত নাথে গাওঁখনৰ মাজেৰে যোৱা পথেৰে গৈ পোৱা এটা জলপ্ৰপাতৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি থকা কথাটো কাষৰ কাংথিলাংছ’ নামৰ গাওঁখনৰ পৰা কোনো লোকে ফোন কৰি পাণজুৰি গাওঁবাসীক দিয়া বুলি জানিব পৰা গৈছে। উক্ত বাৰ্তাটোত গুৱাহাটীৰ পৰা এখন ক’লা ৰঙৰ ছুভ গাড়ীত অহা দুটা সোপাধৰাই নদীৰ পাৰত কিবা বিচাৰি থকা বুলিও মানুহৰ মনত সংশয় আৰু আতংক সুমাই দিয়া হৈছিল। তেতিয়াই গাওঁবাসী গাড়ীখন ঘূৰি অহালৈ সাজু হৈ আছিল। গাড়ীখন আহি পোৱাৰ লগে লগে উন্মত্ত আৰু আতংকিত গাওঁবাসীয়ে দুয়োকে টানি উলিয়াই আনি নিৰ্মমভাৱে হত্যা কৰিছিল।

আনহাতে গোটেই ৰাজ্যবাসীৰ মনোজগতত আলোড়ন সৃষ্টি কৰা এই নৃশংস হত্যাকাণ্ডটোত জড়িত বহুকেইজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও মূল অভিযুক্ত জৰ্জ তিমুঙক বিচাৰি পোৱা নাছিল। চাৰিদিন ধৰি তেওঁক বিচাৰি আছিল আৰক্ষীয়ে। জৰ্জ তিমুঙক গ্ৰেপ্তাৰ কৰাৰ পিছত এই ঘটনাটোৰ বহু কথাই পোহৰলৈ আহিব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই ঘটনাটোৰ অনুসন্ধানৰ বাবে ডকমকাত বাহৰ পাতি আছিল। তাৰোপৰি চৰকাৰে ইয়াৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠন কৰিছে। বহুতে সন্দেহ কৰাৰ দৰে এই ঘটনাটো পৰিকল্পিত আছিল নেকি, অৰ্থাৎ সোপাধৰাৰ বাতৰি বিয়পাই গাওঁবাসীক পৰিকল্পিতভাৱে আতংকিত আৰু উত্তেজিত কৰি যুৱক দুজনক পৰিকল্পিতভাৱে হত্যা কৰা হ’ল নেকি সেই কথাও পোহৰলৈ আহিব পাৰে তিমুঙৰ গ্ৰেপ্তাৰৰ ফলত।

Related News