কাৰ্বি আংলঙৰ খেৰণিত পুনৰ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

kheroni

কাৰ্বি আংলং জিলাৰ খেৰণিত পুনৰ এটি বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ লগতে বন্যপ্ৰাণী প্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সষ্টি কৰিছে ৷

বনবিভাগৰ গাফিলতিৰ বাবেই হাতীটোৰ মৃত্যু হোৱা বুলি ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰণিৰ বৰ-মাটিখোলাত এটা মতা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ পিছত ঘটনাস্থলীত খেৰণিৰ বন বিভাগৰ কৰ্মীসকল উপস্থিত হয়।

বনকৰ্মীসকলে সন্দেহ প্ৰকাশ কৰা মতে বৰ-মাটিখোলাৰ কুঁহিয়াৰ খেতিৰ মাজত উদ্ধাৰ হোৱা বনৰীয়া হাতীটোৰ বিষাক্ত খাদ্য গ্ৰহণৰ ফলত মৃত্যু হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে অৱশ্যে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি ব্যক্ত কৰিছে বনকৰ্মীসকলে।

বুধবাৰে উক্ত অঞ্চলৰ ৰামজী চৌধুৰী নামৰ লোকজনৰ বাসগৃহত বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ঘৰটো ভাঙি লণ্ডভণ্ড কৰে বুলি জানিব পৰা গৈছে।

বৃহত্তৰ খেৰণি অঞ্চলত প্ৰায়ে বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই অহাৰ লগতে বনৰীয়া হাতীৰ আক্ৰমণত জনসাধাৰণে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনা বৃদ্ধি পাই আহিছে ৷

বন বিভাগ নাইবা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বন্য হস্তীৰ উপদ্ৰৱৰ বাবে ৰাইজৰ মনত ভয় আৰু সন্ত্ৰাস এতিয়াও অব্যাহত আছে।