ৰাজ্যখনত ছ’ছিয়েল মিডিয়াত প্ৰায়ে একাংশ দুষ্কৃতিকাৰীয়ে বিভিন্ন অপকৰ্ম কৰি কেইবাজনেও ৰঙা ঘৰৰ ভাত খাব লগীয়া হোৱাৰ সময়তে নগাঁও জিলাৰ চামগুৰিত এজন বিবাহিত পুৰুষে এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ নগ্ন ফটো ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি ৰঙা ঘৰৰ আলহী হ’ব লগীয়া হৈছে।
উল্লেখযোগ্য যে চামগুৰি আৰক্ষী থানাৰ মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত কনুৱামাৰী গাঁৱৰ ওচমান আলী (৩৫) নামৰ বিবাহিত পুৰুষজনে বিগত কেইমাহমান ধৰি এগৰাকী স্কুলীয়া ছাত্ৰীৰ অশ্লীল ফটো ছচিয়েল মিডিয়া যোগে প্ৰচাৰ কৰি থকাত জিলাখনত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
আনহাতে কালি স্থানীয় ৰাইজে এই অপপ্ৰচাৰৰ মূল নায়ক ওচমান আলী বুলি জানিব পাৰি লগে লগে স্থানীয় ৰাইজে ওচমানক কৰায়ত্ত কৰি ৰাইজ মেল অনুষ্ঠিত কৰি বিচাৰ কৰাত ওচমানে সকলো স্বীকাৰ কৰে। ফলত স্থানীয় ৰাইজে ওচমানক নিশালৈ আৰক্ষীৰ হাতত গতাই দিয়ে।
ইতিমধ্যে কনুৱামাৰী অঞ্চলৰ ভূক্তভোগী যুৱতীৰ পৰিয়ালে চামগুৰি থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে আজি অপৰাধী ওচমান আলীক জে’ল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।