• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা বাতৰি, অপপ্ৰচাৰৰ বিষয়ে পোনপোনে আৰক্ষীক জনোৱাৰ বাবে হোৱাটছএপ নম্বৰ মুকলি কৰিলে কুল শইকীয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 10, 2018 8:05 pm
আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাসৰ সংবাদমেল। ফটো : য়ু বি।

আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাসৰ সংবাদমেল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন ধৰি ছ’চিয়েল মিডিয়া বিশেষকৈ ফেইচবুক, হোৱাটছএপ, টুইটাৰৰ জৰিয়তে কোনো দুষ্টচক্ৰই কিছুমান উৰাবাতৰি প্ৰেৰণ কৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। বিশেষকৈ কাৰ্বি আংলঙৰ ডকমকাত শুকুৰবাৰে নিশা দুজনকৈ যুৱক নাৰকীয় ঘটনাৰ বলি হোৱা ঘটনাটোও সোপাধৰাৰ নামত উৰাবাতৰিৰে ফল বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে।

আজি উলুবাৰীস্থিত আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি সঞ্চালক প্ৰধান শইকীয়াই কয়, “শুনামতে সেই অঞ্চলত সোপাধৰাৰ অপপ্ৰচাৰ চলি আছিল, এইটো আমাৰ প্ৰাথমিক অনুসন্ধান। এতিয়ালৈকে এইটোৱেই যে সত্য তাৰো সঠিক প্ৰমাণ আহি পৰা নাই।”

Apply Now

আৰক্ষী সঞ্চালক প্ৰধনগৰাকীয়ে উৰাবাতৰিত ভোল নাযাবলৈ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাই কয়, “কিছুমান ভিতৰুৱা অঞ্চলত সোপাধৰা, মংকিমেন এনেধৰণৰ মিছা চৰিত্ৰ সৃষ্টি কৰি শিশু অপহৰণৰ কাৰণে আহিছে বুলি কিছুসংখ্যকে প্ৰচাৰ কৰি আছে। এনেকুৱা বাৰ্তা যেই প্ৰেৰণ কৰে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বৰ বাবে আৰক্ষী অধিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে।”

লগতে তেওঁ কয়, “দুই-এঠাইত এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰা দুই এজনক আমি কৰায়ত্ত কৰিছো আৰু তেওঁলোকৰ বিৰুদ্ধে যি আইনী ব্যৱস্থা ল’বলগীয়া আছে, সেইখিনি লোৱা হ’ব।”

আনহাতে ছ’চিয়েল মেডিয়াৰ জৰিয়তে ভুৱা বাৰ্তা প্ৰেৰণ কৰাসকলৰ বিৰুদ্ধে দুই ধৰণে ব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰি তেওঁ কয়, “এটা হ’ল হিউমেন ইনটেলিজেন্স, দুই নম্বৰতে- টেকন’ল’জিকেল ইনটেলিজেন্স। এই সম্পৰ্কত এটা কথা ক’ব খোজো, আমাৰ এজন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰবিৎ সিঙক আমি এটা বিশেষ দায়িত্ব দিছো ছ’চিয়েল মিডিয়াৰ ওপৰত নজৰ ৰখাৰ বাবে। আৰু যদি কিবা উচটনিমূলক বা ভুৱা বাৰ্তা পোৱা যায়, তাক আমি কেনেকুৱা ধৰণে কাউণ্টাৰ নেৰেটিভ দিব লাগিব তাৰ ওপৰত চকু ৰখা হ’ব।”

আনহাতে, হোৱাটছএপ গ্ৰুপৰ ক্ষেত্ৰত নিৰীক্ষণ ৰখাত কিছু অসুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয়, “কাৰণ হোৱাটছএপত কিছুমান চৰ্তাৱলী আছে।”

তদুপৰি কাৰ্বি আংলংত সংঘটিত নাৰকীয় কাণ্ডক তেওঁ দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে কয়, “চৰকাৰ, আৰক্ষী-প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু মুখ্য মন্ত্ৰীয়েও নিৰ্দেশ দিছে যে এই ঘটনাৰ সৈতে জড়িত যিকোনো ব্যক্তিয়েই সাৰি নাযায়।”

“আটক কৰা ১৬জনৰ ভিতৰত এজন এনে লোক আছে যিজনে ফেইচবুকত এই ঘটনাটো আপত্তিকৰভাৱে আপল’ড কৰিছিল। তেওঁক আমি সেই কাৰণেই কৰায়ত্ত কৰিছো।” ডিজিপি শইকীয়াই কয়।

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকা সকলোকে চিনাক্তকৰণ কৰা হৈছে যদিও তাৰে কিছুমান কাষৰ গাঁৱত লুকাই থকা বুলি শইকীয়াই সন্দেহ কৰে। ঘটনাৰ সৈতে অভিযুক্ত বাকীসকলকো অতি সোনকালে কৰায়ত্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰখা বুলি তেওঁ আশ্বাস দিয়ে।

উল্লেখযোগ্য যে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন শৃংখলা) মুকেশ আগৰৱালৰ নেতৃত্বত এটা দলে কাৰ্বি আংলঙৰ কছাৰীগাঁৱত বাহৰ পাতি আছে বুলি সংবাদমেলত শইকীয়াই উল্লেখ কৰে।

কাষৰীয়া গাঁৱৰ জনসাধাৰণে আৰক্ষীক যথেষ্ট ধৰণে সহায়-সহযোগিতা আগ বঢ়াইছে বুলি সংবাদমেলত ডিজিপি শইকীয়াই কয়।

উল্লেখ্য যে গোষ্ঠীগত সংঘৰ্ষ লগাৰ আশংকা কৰি কালি ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলসমূহত বিশেষধৰণৰ তহলৰ ব্যৱস্থা কৰা হৈছিল বুলি তেওঁ সদৰী কৰে।

“আজি যিহেতু বহু ঠাইত বজাৰ বহাৰ দিন, গতিকে সেই ঠাইসমূহত আমি পূৰ্বৰ তুলনাত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ সংখ্যা কিছু বৃদ্ধি কৰিছো।” ডিজিপি শইকীয়া সংবাদমেলত এইদৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে পাণজুৰি অঞ্চলৰ কিছুসংখ্যক গাওঁৰক্ষী বাহিনীৰ লোকেই আৰক্ষীক এই খবৰটো দিয়া বুলি কৈ তেওঁ কয় “দুই-চাৰিজন গাওঁৰক্ষী বাহিনীৰ সদস্যই বাধাও দিব খুজিছিল। কিন্তু যুৱকদুজনক প্ৰহাৰ কৰা লোকৰ সংখ্যা ইমানেই বেছি আছিল যে তেওঁলোকে বাধা দিয়াত ব্যৰ্থ হ’ল।”

আনহাতে, এই ঘটনাৰ সৈতে আৰক্ষীৰ কোনো লোক উপস্থিত থকাৰ পিছতো একো ব্যৱস্থা নোলোৱাৰ থকাৰ অভিযোগ উঠাৰ সম্পৰ্কে তেওঁ কয়, “ঘটনাস্থলীত যিহেতু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালে তাত বাহৰ পাতি আছে, গতিকে এই বিষয়ে তেওঁ তদন্ত চলাই আছে।”

উৰাবাতৰিত বিভ্ৰান্ত নহ’বলৈ আহ্বান জনাই আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ৰ ফোন নং প্ৰদান কৰি সেইকেইটাত ভুৱা বাতৰি বা অপ প্ৰচাৰ সম্পৰ্কীয় তথ্য দিব পাৰিব বুলি কয়। নম্বৰকেইটা হ’ল- ০৩৬১২৫২১২৪২ আৰু ম’বাইল নং- ৯৪৩৫২১৫০২৯ আৰু বিশেষ শাখাৰ কাৰ্য্যালয়ৰ ফোন নং ০৩৬১২৩৮১৫১১/২৩৮০৬২০ আৰু হোৱাটছএপ নং ৮৭৪৯৮৬০৮০৩।

উল্লেখযোগ্য যে সংবাদমেলখনত উপস্থিত থকা ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাসে আৰক্ষী তথা গৃহ বিভাগে গুৰুত্ব সহকাৰে বিষয়টো হাতত লোৱা বুলি সদৰী কৰাৰ লগতে কয়, “কোনো দোষী সাৰি যাব নোৱাৰে, আইনৰ গণ্ডীত তেওঁলোকে উচিত শাস্তি পাব।”

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়া অনুসৰি কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাত ৰুজু হোৱা মূল গোচৰটোৰ নম্বৰ হৈছে ৩৩/১৮ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd