NORTHEAST NOW (Assamese)

কৃত্ৰিম বান ৰোধ কৰিবলৈ দখলমুক্ত কৰিব বশিষ্ঠ মন্দিৰৰ চৌহদ

August 2, 2018 12:35 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দীৰ্ঘদিন ধৰি বশিষ্ঠ মন্দিৰৰ চৌহদৰ ভূমি বেদখল কৰি অহা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব মহানগৰ প্ৰশাসনে। মন্দিৰৰ চৌহদ আৰু নদী আবদ্ধ কৰি অবৈধভাৱে ভূমি আবদ্ধ কৰা লোকৰ বিৰুদ্ধে এই সকীয়নি দিছে দিছপুৰৰ ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকাই।

ৰাজহ চক্ৰ বিষয়া জনে জানিবলৈ দি কয় যে বেদখলকাৰীৰ বাবেই বাহিনী নৈৰ গতি ৰুদ্ধ হৈ পৰিছে আৰু সেয়ে বশিষ্ঠ মন্দিৰৰ চৌহদত দিনে দিনে বৃদ্ধি পাইছে কৃত্ৰিম বানৰ সমস্যা। এই সমূহ কাৰণতেই শেহতীয়াকৈ সৃষ্টি হোৱা বানত এজন লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে বশিষ্ঠ আৰু বাহিনীৰ নৈৰ অধিকাংশ অংশই এতিয়া বেদখলকাৰীৰ কবলত। নদীৰ কাষতে নিৰ্মাণ কৰা হৈছে বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, গাড়ীৰ গেৰেজ আৰু দলং। যাৰ ফলত দিনক দিনে বশিষ্ঠ আৰু বাহিনী নদীৰ পৰিসৰ সীমিত হৈ অহাত বাৰিষাৰ দিনত অধিক বৰষুণ হ’লে বা মেঘালয়ৰ পৰা নামী অহা পানী কঢ়িয়াই নিব নোৱাৰে নদী দুখনে। আৰু ইয়াৰ কাৰণেই অঞ্চলটোত কৃত্ৰিম বানৰ কৱলত পৰে বুলি সদৰী কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে।

আনহাতে, অঞ্চলটোৰ একাংশ লোকে বশিষ্ঠ আৰু বাহিনী নদীক পেলনীয়া সামগ্ৰী পেলোৱাৰ কামত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। সেয়ে পূৰ্বতকৈ বাম হৈ পৰিছে নদী দুখনৰ বুকু। প্ৰশাসনে যদি তৎকালীনভাৱে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত ঐতিহাসিক বশিষ্ঠ মন্দিৰলৈও একপ্ৰকাৰ ভাবুকি নামি আহিব বুলি শংকা ব্যক্ত কৰিছে একাংশ সচেতন লোকে।

Related News