পূৰ্বতে আৰ টি আই কৰ্মী দুলাল বৰাই কাজিৰঙাত অৰ্কিড পাৰ্ক নিৰ্মাণেৰে ষড়যন্ত্ৰমূলকভাৱে কাজিৰঙাৰ ভূমি দখল কৰা বুলি অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা পিছতে বৃহস্পতিবাৰে পুনৰ কৃষক নেতাজনৰ বিৰুদ্ধে বোকাখাত থানাত পঞ্চমটো গোচৰ তৰিলে আৰ টি আই কৰ্মী দুলাল বৰাই।
এইবাৰ দাখিল কৰা এজাহাৰত সাঙুৰ খাই পৰিছে অখিল গগৈৰ লগতে কাজিৰঙাৰ ‘বৃহৎ নাৰ্চাৰী’ৰ স্বত্বাধিকাৰী নগেন শইকীয়া আৰু ‘বৰপেটা নাৰ্চাৰী’ৰ স্বতাধিকাৰীৰ নাম।
আৰ টি আই কৰ্মী দুলাল বৰাই এজাহাৰত উত্থাপন কৰা অভিযোগ অনুসৰি কৃষক নেতা গৰাকীৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখন যি টুকুৰা মাটিত স্থাপন কৰিছে সেই একে টুকুৰা মাটিতে নগেন শইকীয়াই বৃহৎ নাৰ্চাৰী খোলা বুলি তথ্য প্ৰদান কৰিছে।
তাৰোপৰি আৰ টি আই কৰ্মী দুলাল বৰাই এজাহাৰত উল্লেখ কৰা মতে নগেন শইকীয়াই বৃহৎ নাৰ্চাৰী খোলাৰ নামত কৃষি বিভাগৰ পৰা ৫০ শতাংশ ৰেহাইত ২৫ লাখ টকাৰ অনুদান লাভ কৰিছিল।
লগতে নগেন শইকীয়াই নাৰ্চাৰীৰ বাবে বৰপেটা নাৰ্চাৰীৰ পৰা বিভিন্ন পুলি ক্ৰয় কৰাৰো ভুৱা বিল জমা দিছে বুলি দুলাল বৰাই এজাহাৰত উল্লেখ কৰে।
ফলত আৰ টি আই কৰ্মী দুলাল বৰাই নগেন শইকীয়াই কাজিৰঙাৰ একে টুকুৰা মাটিত কেনেকৈ দুখন উদ্যান স্থাপন হ’ল তাৰ উচিত তদন্তৰ বাবে বৃহস্পতি বাৰে বোকাখাত থানাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে।