NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত জিলা প্ৰশাসনৰ উচ্ছেদ

Posted by: নীলমণি শৰ্মা July 12, 2018 5:09 pm
IMG_20180125_184123-678x381

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত আশুডুবিত অবৈধভাৱে দখল কৰা ব্যৱসায়িক-প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰে জিলা প্ৰশাসন । দীৰ্ঘদিন ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে একাংশ লোকে অবৈধভাৱে  নিৰ্মাণ কৰি লোৱা ব্যৱসায়-প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে গোৱালপাৰা জিলা প্ৰশাসনে আজি উচ্ছেদ অভিযান চলায়।

জানিব পৰা মতে পথৰ কাষৰ এই দোকানসমূহ উঠাই নিবলৈ ব্যৱসায়ীসকলক প্ৰশাসনে বহুবাৰ নিৰ্দ্দেশ  দিছিল৷ কিন্তু ব্যৱসায়ীসকলে প্ৰশাসনৰ এই নিৰ্দেশক অংগুষ্ঠ দেখুৱাই পূৰ্ণোদ্যমে চলাই গৈছিল ব্যৱসায়।

এনেদৰে বাৰে বাৰে প্ৰশাসনৰ নিৰ্দেশ অৱমাননা কৰাত অৱশেষত আজি জিলা প্ৰশাসনে কৃষ্ণাইৰ আশুডুবিত উচ্ছেদ অভিযান চলাই শতাধিক ব্যৱসায়ী প্ৰতিষ্ঠান উচ্ছেদ কৰে৷

উল্লেখযোগ্য যে আশুডুবিৰ মাজৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে একাংশ লোকে অবৈধ ভাৱে দোকান সাজি ব্যৱসায় চলাই অহা কাৰ্যত অতিষ্ঠ হৈ পৰিছিল স্থানীয় নাগৰিক। তাৰোপৰি সেই দোকানসমূহ উচ্ছেদৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনক বহুবাৰ অনুৰোধ কৰিছিল। আৰু অৱশেষত গোৱালপাৰা জিলা প্ৰশাসনে গ্ৰহণ কৰা উচ্ছেদ অভিযানৰ এই পদক্ষেপক স্থানীয় অঞ্চলবাসীয়ে শলাগ লোৱা পৰিলক্ষিত হৈছে।