কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা : পঢ়া-শুনাৰ হেঁচা দিয়াৰ অভিযোগ

কালি এটা দুৰ্ভাগ্যজনক ঘটনাত গুৱাহাটীৰ ন মাইলত থকা চি আৰ পি এফৰ কেন্দ্ৰীয় বিদ্যালয়ৰ এজন একাদশ শ্ৰেণীৰ ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছে। ছাত্ৰজনক লৰালৰিকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও এঘণ্টামানৰ পিছতে তেওঁৰ মৃত্যু হয়। এটা বিশেষ সূত্ৰই আমাক জানিবলৈ দিয়া মতে, ছাত্ৰজনে শিক্ষক আৰু অভিভাৱকৰ পৰা পঢ়া-শুনাৰ নামত অত্যধিক হেঁচা পোৱা বাবেই আত্মহত্যা কৰা বুলি অভিযোগ উঠিছে। দুৰ্ভগীয়া ছাত্ৰজনৰ নাম ছেমিম মিৰ্জা। তেওঁ বিদ্যালয়খনৰ একাদশ শ্ৰেণীত পঢ়ি আছিল আৰু যোৱা কেইবাদিনো তেওঁৰ পঢ়া-শুনা ভাল নহয় বুলি শিক্ষকে অভিযোগ কৰি আছিল বুলি জনা যায়। ছেমিমে আত্মহত্যাৰ পূৰ্বে নিজৰ হতাশাৰ বিষয়ে হোৱাটছএপত পোষ্ট কৰিছিল বুলি জনা গৈছে। তেওঁৰ মৃত্যুৰ পিছত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সমাজক সকলোৱে গৰিহণা দিছে। আনকি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে অভিযোগ কৰে যে শিক্ষকসকলে বেছিকৈ হেঁচা দিয়া বাবেই ছেমিমে হতাশাত ভুগিছিল আৰু সেইবাবেই আত্মহত্যাৰ পথ লয়। ছেমিমৰ অভিভাৱকে অভিযোগ কৰামতে চৈয়দ আবুল আলিম নামৰ শিক্ষকজনে নিয়মীয়াকৈ পাঠগ্ৰহণ কৰিবলৈ নহা বাবে তেওঁক ককৰ্থনা কৰিছিল। অৱশ্যে আৰক্ষীয়ে এতিয়াও বিষয়টো তদন্ত কৰি আছে আৰু এই ক্ষেত্ৰত এতিয়া নিশ্চিত তথ্য পাবলৈ বাকী বুলি কয়