কেবিনেট, বিধান সভাৰ বিশেষ অধিৱেশনৰ পোষকতা, নাগৰিকত্ব বিধেয়ক ‘সংবিধানবিৰোধী’ : অগপ

agp press meet against citizenship amendment bill

নাগৰিকত্ব সংশোধন বিধেয়কক লৈ কেবিনেট বৈঠকৰ প্ৰস্তাৱ দিব অগপ ( AGP )ই। ‘দলৰ সিদ্ধান্ত অনুসৰি তিনিগৰাকী কেবিনেট মন্ত্ৰীক কেবিনেটৰ বৈঠকত নিজাববীয়াকৈ সমস্ত বিষয়টো উত্থাপন কৰি ব্যৱস্থা গ্ৰহণ কৰিৰ বাবে দলে পৰামৰ্শ দিছো।’ অগপৰ আমবাৰীস্থিত কাৰ্য্যালয়ত এক সংবাদ মেলত আজি ১০ মে’ত এই কথা সদৰী কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।

‘আমাৰ স্পষ্ট কথা এই বিধেয়কখন ভাৰতীয় সংবিধানৰ পৰিপন্থী। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষতাৰ কথা উল্লেখ আছে। সংবিধানৰ অনুচ্ছেদ এটা সংসদৰ আইনৰ জৰিয়তে সংশোধন কৰিব পাৰি, কিন্তু সংবিধানৰ প্ৰস্তাৱনা সংশোধনী কৰিব নোৱাৰি। এই বিলখনে ভাৰতীয় সংবিধানতে কুঠাৰাঘাট কৰিব’ বৈশ্যই কয়।

এই সমগ্ৰ বিষয়টো আলোচনা কৰিবৰ কাৰণে অসম বিধান সভাৰ এখন বিশেষ অধিবেশন আহ্বান কৰিবৰ কাৰণে বিধায়িনী দলক পৰামৰ্শ আগবঢ়োৱা হৈছে বুলিও প্ৰাক্তন সাংসদগৰাকীয়ে আজিৰ সংবাদ মেলত উল্লেখ কৰে। লগতে তেওঁ কয় যে বিধায়িনী দলৰ নেতা সত্যব্ৰত কলিতাই এই সন্দৰ্ভত মত দাঙি ধৰিব।

উল্লেখযোগ্য যে ইতিমধ্যে যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটী আৰু বৰাকত শুনানি গ্ৰহণ কৰি আজি মেঘালয়ত শুনানি গ্ৰহণ কৰিছে। কিন্তু মেঘালয়ৰ কমৰেড চাংমাৰ কেবিনেটে শুনানিৰ পূৰ্বেই বিধেয়কখন সমৰ্থন নকৰাৰ বাবে প্ৰস্তাৱ লোৱাটোৱে অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

আনহাতে সংসদীয় কমিটিৰ সন্মুখত তেওঁলোকৰ মত প্ৰকাশ কৰা বুলি উল্লেখ কৰি বৈশ্যই কয় ‘সংসদীয় কমিটিক স্পষ্টৰূপে কৈছো আপোনালোক বৰাকত গৈছে আমাৰ ক’বলগীয়া নাই, কিন্তু আপোনালোক উজনি অসম, ব্ৰহ্মপুত্ৰ উত্তৰপাৰ আৰু নামনি অসমত যাওক, নহ’লে আপোনালোকৰ শুনানি আধৰুৱা হৈ ৰ’ব। তেওঁলোকে আমাক সহমত প্ৰকাশ কৰিছিল।’

যদি এই আইনখন অসমক বাদ কৰি ভাৰতৰ অন্য ঠাইত প্ৰয়োগ কৰে আপোনালোকৰ কিবা ক’বলগীয়া আছে নেকি বুলি প্ৰশন কৰাত বৈশ্যই কয় ‘এই কথা আমি কেতিয়াও মানি ল’ব নিবিচাৰো, এই কথাই সমস্যা সমাধান নকৰে, বৰঞ্চ সমস্যা বৃদ্ধিহে কৰিব। উপযুক্ত তথা গ্ৰহণযোগ্য নথি-পত্ৰ নথকাকৈ কোনো বিদেশী ভাৰতৰ ভূমিত থাকিব নোৱাৰে। এই আইনখন যদি অসমৰ বাহিৰে বেলেগ ৰাজ্যত প্ৰযোজ্য কৰে সেয়া এক ভেঁকো-ভাওনাৰ বাহিৰে একো নহ’ব। কাৰণ এইসকল লোক ভাৰতবৰ্ষৰ অন্য ৰাজ্যত নাযায় অসমতে আহিব। সেয়েহে এই আইনখন প্ৰত্যাহাৰ কৰাৰ বাহিৰে অন্য গত্যান্তৰ নাই।’

আনহাতে এই বিলখন সংসদত আলোচনাৰ বাবে পঠালে অগপৰ এজনো সদস্য সাংসদত নাথাকিলেও তেলেগু দেশম, শিবসেনা, আকালী দল, তৃণমূল কংগ্ৰেছকে ধৰি অন্য বহু আঞ্চলিক ৰাজনৈতিক দলে সাংসদত বিলখনৰ গৃহীত কৰাৰ ক্ষেত্ৰত তেওঁলোকক সমৰ্ত্হন কৰিব বুলি বৈশ্যই উল্লেখ কৰে।

তাৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাটো সহজ কথা নহয় বুলি মন্তব্য কৰি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় ‘মহিলা সুৰক্ষা বিলখন আজিলৈকে কিয় পাছ হোৱা নাই, তাৰ অৰ্থ দুই তৃতীয়াংশ সাংসদ অধিবেশনত থাকিব লাগিব। আমি দেখিছো কোনোদিন দুই-তৃতীয়াংশ লোক উপস্থিত নাথাকে, সেইকাৰণে আজি পৰ্য্যন্ত বিলখন পাছ হোৱা নাই। দুই-তৃতীয়াংশ সদস্যই গ্ৰহণ কৰিলেই নহ’ব দুই তৃতীয়াংশ লোক উপস্থিত থাকিব লাগিব।’

অগপৰ দৰে বি পি এফ নেতৃবৰ্গই আলোচনা কৰিও এই বিলখনৰ ক্ষেত্ৰত বাধা দিবৰ বাবে মন্ত্ৰীসকলক আহ্বান জনাব বুলি বৈশ্যই আশা প্ৰকাশ কৰে।