কোকৰাঝাৰত আদিবাসী জাতীয় মহাসভাৰ বিশাল গণ সমাৱেশ

IMG-20180411-WA0050

কোকৰাঝাৰ জিলাৰ আমগুৰি মহামিলন এম ই স্কুলৰ প্ৰাংগণত বুধবাৰে আদিবাসী জনগোষ্ঠীৰ সংগ্ৰামী মঞ্চ আদিবাসী জাতীয় মহাসভাই (এ এন চি) বিশাল গণ সমাৱেশৰ আয়োজন কৰি ‘বিজেপি চৰকাৰ হুঁচিয়াৰ, আদিবাসীক এছ টি দিয়ক, ন’ এছ টি ন’ ৰেষ্ট, ইত্যাদি শ্ল’গানেৰে উত্তাৰ কৰি তোলে।

অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ মূল দুটা দাবীক লৈ আদিবাসী জাতীয় মহাসভা, চমুকৈ এ এন চিয়ে এক বিশাল গণ সমাৱেশেৰ আয়োজন কৰিছিল।

আমগুৰি মহামিলন এম ই স্কুলৰ  খেলপথাৰত সহস্ৰাধিক আদিবাসী পুৰুষ-মহিলাৰ উপস্থিতিত আদিবাসী জাতীয় মহাসভাৰ সভাপতি বয়ল হেমব্ৰমে ভাষণত অসমৰ আদিবাসী ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিজেপি চৰকাৰেও প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ  ভাষণত অসমৰ আদিবাসী জনগোষ্ঠীক বিজেপি চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা কৰি থাকিলে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি সকীয়াই দিয়ে। সংবাদ মাধ্যমৰ আগত আদিবাসী জাতীয় মহাসভাৰ নেতাজনে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আগন্তুক মে’ মাহৰ ভিতৰত অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

গণসমাৱেশত এ এন চিৰ সম্পাদক বীৰ সিং মুণ্ডা আৰু কুৰুক সাহিত্য সভা, সদৌ অসম চাওতাল ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু কুৰুক সাহিত্য সভাৰ নেতাও উপস্থিত থাকে।

আনহাতে, আদিবাসী জাতীয় মহাসভাই অহা ৩০ জুনত চৰকাৰক চৰম সময়সীমা বান্ধি দি ব্ৰিটিছৰ বিৰুদ্ধে আদিবাসীসকলে প্ৰথম চাওতাল হুল(বিদ্ৰোহ) ঘোষণা কৰা ঐতিহাসিক ৩০ জুনৰ দিনাখনৰ পৰাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

বুধবাৰৰ গণ সমাৱেশত অংশ লোৱা আদিবাসী জাতীয় মহাসভাৰ উপ-সভাপতি দুৰ্গা হাসদাই অসমৰ আদিবাসী জনগোষ্ঠীক বিজেপি চৰকাৰে শাসনত অহাৰ পাছত ছমাহৰ ভিতৰতে জনজাতিকৰণৰ মৰ্যাদা দিব বুলি ভুৱা প্ৰতিশ্ৰুতি দি আদিবাসীসকলৰ প্ৰতাৰণা কৰাৰ গুৰুত্বৰ অভিযোগ তোলে। তেওঁ  বিজেপি চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবৰ বাবে সাজু বুলিও হুংকাৰ দিয়ে।