কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় ড্রাগছ সেৱন আৰু অবৈধ  সৰবৰাহ বিৰোধী দিৱস পালন পালন

International Day against drug abuse observed in Kokrajhar

আজি সমগ্ৰ বিশ্বৰ লগতে কোকৰাঝাৰ জিলাতো আন্তঃৰাষ্ট্ৰীয় ড্রাগছ সেৱন আৰু অবৈধ  সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে কোকৰাঝাৰ টাউনত এটা বৃহৎ সমদল উলিওৱা হয়। কোকৰাঝাৰ আৰক্ষী থানাৰ সন্মুখত এই সমদলৰ ফ্লেগ অফ কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) কমল কুমাৰ গুপ্তা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে।

এই সমদলত আৰক্ষী বিষয়া আৰু আৰ এন ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ নাৰ্ছসকলে অংশগ্ৰহণ কৰে। সমদলটোয়ে জে ডি ৰোড আৰু হস্পিটেল ৰোডেৰে শোভাযাত্ৰা কৰি আৰম্ভ কৰা স্থানত যাত্ৰাৰ ইতি পেলায়।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত  কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) কমল কুমাৰ গুপ্তাই কয় যে ড্ৰাগছ হৈছে এবিধ অপকাৰী দ্ৰব্য আৰু ইয়ে ডেকাচামৰ জীৱন ধ্বংস কৰিব পাৰে। তেওঁ ড্ৰাগছৰ কু প্ৰভাৱৰ পৰা উঠি অহা প্ৰজন্মটোক ৰক্ষা কৰাৰ বাবে পিতৃ-মাতৃ আৰু অভিভাৱক সমন্বিতে সমাজৰ সচেতন মহলক আহ্বান জনায়।

ইতিমধ্যে কোকৰাঝাৰত দিনে দিনে উঠি অহা প্ৰজন্মৰ মাজত ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ প্ৰতি অনুৰাগ বাঢ়ি অহা দেখা পোৱা গৈছে। যুৱচামে বাধাহীনভাৱে মদ আৰু অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰাটো কোকৰাঝাৰ চহৰত সাধাৰণ দৃশ্য হৈ পৰিছে।কোকৰাঝাৰৰ এচাম সচেতন লোকে সমাজৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে যদিও এই ক্ষেত্ৰত নাগৰিক সমাজৰ পৰা কোনো সহোযগিতা লাভ কৰা নাই।