NORTHEAST NOW (Assamese)

কোকৰাঝাৰত ঘূৰ্ণি বতাহৰ ফলত ব্যাপক ক্ষতিসাধন : যোগাযোগ ব্যাহত

May 11, 2018 4:41 pm · ৰিনয় বসুমতাৰী

বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত অহা এজাক বিধ্বংসী ঘূৰ্ণি বতাহৰ ফলত কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা গাঁৱকে ধৰি বালাজান তিনালী অঞ্চলত ব্যাপক ক্ষতিসাধন হয়।

উল্লেখযোগ্য যে এই বিধ্বংসী ধুমুহাৰ ফলত গাওঁখনত থকা প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনিসমূহ উভালি পৰাত ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়কে ধৰি গাঁওখনত থকা প্ৰায় দুশটা পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰে কম বেছি পৰিমাণে ক্ষতিসাধন হয়।

আনহাতে গাঁওখনৰে প্ৰতাপ নাথ আৰু সুষমা নাথৰ ঘৰত গছ বাগৰি পৰাত পকীঘৰ চুৰ্ণাকৃত হয় যদিও সেইসময়ত সৌভাগ্যক্ৰমে দুয়োজনে ঘৰৰ বাহিৰত থকাত দৈব্যক্ৰমে ৰক্ষা পৰে।

এই বিধ্বংসী ঘূৰ্ণি বতাহে গছ-গছনি ভাঙি-চিঙি একপ্ৰকাৰ ধ্বংস্থলীত পৰিণত কৰা ভূটীয়াপাৰা গাঁৱত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

তাৰোপৰি বৃহৎ বৃহৎ গছ বাগৰি পৰাত বৈদ্যুতিক খুঁটাসমূহ ভাঙি পৰে আৰু যাৰ পৰিণতিত অঞ্চলটোত পথ যোগাযোগ ব্যৱস্থা আৰু বিদ্যুৎ সৰবৰাহ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।

অঞ্চলটোৰ বালাজান চিকিৎসালয় , ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয় , বালাজান আৰক্ষী চকী , হৰি মন্দিৰ , লক্ষ্মী মন্দিৰ আদিকে ধৰি বহুসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠান ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বালাজান চিকিৎসালয়ত আনকি প্ৰসূতিকালিন কক্ষ ক্ষতিগ্ৰস্ত হোৱাত ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । স্থানীয় জনসাধাৰণে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা চিকিৎসালয় , বিদ্যালয় মেৰামতি তথা পুনৰ নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

Related News