কোকৰাঝাৰত শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিত দুৰ্বৃত্তৰ আক্ৰমণ: ২৪ ঘণ্টাৰ ভিতৰত দুৰ্বৃত্তক চিনাক্ত কৰাৰ দাবী স্থানীয় বিজেপি কৰ্মীৰ  

shayam prasad mukerjee

মঙলবাৰে নিশা কোকৰাঝাৰ চহৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কোনো অচিনাক্ত দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ লণ্ড ভণ্ড কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নেতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ।

এনেধৰণৰ দুস্কাৰ্য কোনে সংঘটিত কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰি বিজেপি নেতা-কৰ্মীসকলে ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে দুৰ্বৃত্তসকলক ২৪ ঘণ্টাৰ ভিতৰত চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰো দাবী তোলে বিজেপিৰ স্থানীয় নেতৃবৃন্দই।

কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰ উৰণীয়া সেতুৰ সমীপত অৱস্থিত প্ৰতিমূৰ্তিটো ভঙা প্ৰসংগত কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

‘যদিহে কোনো সংগঠনে মূৰ্তি ভঙা প্ৰসংগত গোচৰ ৰুজু নকৰে তেন্তে আমি নিজে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম’, আৰক্ষী অধীক্ষকগৰাকীয়ে এনেদৰে কোৱা দেখা যায়।

উল্লেখযোগ্য যে ত্ৰিপুৰাত মানিক সৰকাৰ নেতৃত্বাধীন চিপিআই(এম) চৰকাৰক শাসনৰ গাদীৰ পৰী ওফৰায় পেলোৱাৰ পাছৰে পৰাই মূৰ্তি ভঙা বা ক্ষতিসাধন কৰা কাৰ্য দেশত অভাৱণীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

লক্ষণীয় যে অসমত মূৰ্তি ভঙা কাৰ্য সংঘটিত হৈছে প্ৰথমবাৰৰ বাবে। অসমৰ অশান্ত জৰ্জৰ অঞ্চল হিচাপে পৰিচিত কোকৰাঝাৰত এনে ঘটনা সংঘটিত হোৱাত অঞ্চলযুৰি স্বাঞ্চল্য অব্যাহত থকাৰ সময়তে ৰাজ্যৰ অন্য প্ৰান্ততো এই লৈ ব্যাপক চৰ্চা বিৰাজমান।