কোকৰাঝাৰত ৰামদেৱৰ তিনিদিনীয়া বিনামূলীয়া যোগ শিবিৰ আৰম্ভ

বৃহৎ সংখ্যকৰ অংশগ্ৰহণেৰে কোকৰাঝাৰত আজিৰ পৰা আৰম্ভ হৈছে বাবা ৰামদেৱৰ তিনিদিনীয়া বিনামুলীয়া যোগ প্ৰশিক্ষণ শিবিৰ। কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত অনুষ্ঠিত এই শিবিৰত পুৱা ৫ বজাৰ পৰা ৭ বজালৈ যোগ কাৰ্য্যসূচীত সাধাৰণজনৰ পৰা ৰাজনৈতিক নেতা, ভক্তকে ধৰি সহস্ৰাধিক লোক উপস্থিত থাকি যোগৰ অনুশীলন কৰে। যোগ কাৰ্য্যসূচীৰ সমান্তৰালভাৱে বাবা ৰামদেৱে পতঞ্জলিৰ প্ৰডাক্টৰ বিষয়েও প্ৰচাৰ চলায় । অসম তথা বিটিএডিৰ আৰ্থ সামাজিক দিশৰ উন্নয়নত নিজকে ব্ৰতী কৰাৰ অংগিকাৰ কৰি অঞ্চলটোৰ শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি মত ব্যক্ত কৰে । তাৰোপৰি ভৱিষ্যতে এৰী, মুগা কাপোৰকে ধৰি হস্ততাঁত বস্ত্ৰশিল্পক লৈ উদ্যোগ নিৰ্মাণ কৰি প্ৰভূত উন্নয়ন কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।