• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউৰো কাপত অঘটন! ইটালীক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2024 12:55 pm
674
VIEWS
Share on FacebookShare on Twitter

জাৰ্মানীৰ বাৰ্লিন ষ্টেডিয়ামত শনিবাৰে ইউৰো কাপ ২০২৪ৰ অন্তিম ষোল্লৰ যুঁজত মুখামুখি হৈছিল চুইজাৰলেণ্ড বনাম ডিফেণ্ডিং চেম্পিয়ন ইটালী। এই খেলখনত চুইজাৰলেণ্ডে শক্তিশালী ইটালীক ২-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

এই তীব্ৰ যুঁজখনত চুইজাৰলেণ্ডৰ দলটোৱে আক্ৰমণ অব্যাহত ৰাখিছিল। এই ক্ষেত্ৰত অৱশ্যেই ভাৰ্গাছৰ কথা ক’ব লাগিব। খেলৰ আৰম্ভণিৰে পৰাই তেওঁ ইটালীৰ ৰক্ষণত উত্তেজনা সৃষ্টি কৰি থাকিল। খেলখনৰ ১২ মিনিটত ছুইজাৰলেণ্ডৰ অধিনায়ক জাকাৰ ক্ৰছ এণ্ডোয়েৰ কাষ পায়গৈ। কিন্তু অলপৰ বাবে মিছ কৰিলে।

কিন্তু ইটালীয়েও ওলোটা আক্ৰমণত চলাবলৈ চেষ্টা কৰিছিল। ফাগিঅ’লিয়ে চুইজাৰলেণ্ডৰ ৰক্ষণত কেইবাবাৰো চাপ সৃষ্টি কৰে। কিন্তু তেওঁলোকে গ’লৰ দুৱাৰ খুলিব নোৱাৰিলে। কাৰণ চুইজাৰলেণ্ডৰ প্ৰতিৰক্ষা সতৰ্ক আছিল। এই ক্ষেত্ৰত আকাঞ্জীক প্ৰশংসা কৰিবই লাগিব। কিন্তু খেলখনৰ ২৪ মিনিটত ছুইজাৰলেণ্ডৰ হৈ এম্ব’লোৱে এটা সহজ সুযোগ নষ্ট কৰে।

লগতে পঢ়কঃ অতীত IPL-ৰ মনোমালিন্য! বিশ্বকাপ জয়ৰ নায়ক হাৰ্দিকৰ গালত চুমা খাই সকলো দূৰত্ব মচি পেলালে ৰোহিতে

এটা সময়ত চুইজাৰলেণ্ডৰ খেলুৱৈসকলে প্ৰায় ৬৫ শতাংশ বলৰ নিয়ন্ত্ৰণ কৰিছিল। আচলতে তেওঁলোকেই খেলখনত আধিপত্য বিস্তাৰ কৰে। সেই সময়ত মিডফিল্ডৰ দখল সমগ্ৰ ছুইজাৰলেণ্ডৰ হাতত আছিল। আৰু সেই সূত্ৰে খেলৰ ৩৭ মিনিটত তেওঁলোকে অগ্ৰগতি লাভ কৰে।

ভাৰ্গাছে বাওঁফালৰ পৰা সুন্দৰ পাছটো আগবঢ়াই দিয়ে। সেই বলটোৰে ৰেমো ফ্ৰয়েলাৰে ড’নাৰুমাক পৰাস্ত কৰি গ’ল দি চুইজাৰলেণ্ডক ১-০ গ’লত অগ্ৰগতি আনি দিয়ে। প্ৰথমাৰ্ধত তেওঁলোকে এটা ডাঙৰ ফ্ৰী কিকো লয়। অৱশ্যে আৰু কোনো গ’ল নহ’ল। অৱশেষত প্ৰথমাৰ্ধ ১-০ গ’লত শেষ হয়।

দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ছুইজাৰলেণ্ডে পুনৰবাৰ ধুমুহাৰ সৃষ্টি কৰে। খেলখনৰ ৪৬ মিনিটত ৰুবেন ভাৰ্গাছৰ শক্তিশালী দীৰ্ঘ দূৰত্বৰ শ্বটটো গৈ নেটত বন্দী হয়। দৰাচলতে ভাৰ্গাছে ইটালীৰ গ’লৰক্ষকক পৰাস্ত কৰি এটা বিশ্বমানৰ গ’ল দিছিল। ইয়াৰ লগে লগে ছুইজাৰলেণ্ডে ২-০ গ’লত অগ্ৰগতি লাভ কৰে।

লগতে পঢ়কঃ বিশ্বকাপ জয়ৰ মেচতে ‘বিদায় ঘোষণা’; টী-২০ৰ পৰা অৱসৰ বিৰাট-ৰোহিতৰ

অৱশ্যে ইটালীয়েও মেচখনত প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল। কিন্তু চুইজাৰলেণ্ডৰ গ’লৰক্ষক ছমাৰ সম্পূৰ্ণ সতৰ্ক হৈ আছিল। ইয়াৰ পিছত দুয়োটা দলে কেইবাটাও সুযোগ সৃষ্টি কৰিলে যদিও কোনেও গ’ল দিব নোৱাৰিলে।

অৱশেষত ইটালীক ২-০ গ’লত পৰাস্ত কৰি ছুইজাৰলেণ্ডে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

Recent News

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd