কোকৰাঝাৰৰ উল্টাপানী বনাঞ্চলত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ

kokrajhar-elephant-570x320

কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ হল্টুগাঁও বন সংমণ্ডলৰ অধীনস্থ উল্টাপানী বনাঞ্চলত সোমবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। গাঁওবাসীয়ে প্ৰথম অৱস্থাত হাতীটো দেখি বন বিভাগৰ লোকক খবৰ দিয়ে আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটো উদ্ধাৰ কৰে।

উল্লেখ্য যে উল্টাপানী বনাঞ্চলৰ এঘাৰ নম্বৰ বাইটত সোমবাৰে উদ্ধাৰ হোৱা মৃত বনৰীয়া হাতীটোৰ কি কাৰণত আৰু কি পৰিস্থিতিত মৃত্যু হ’ল সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই।

এই প্ৰসংগত উল্টাপানী বনাঞ্চলৰ বন বিষয়া ধীৰেন বসুমতাৰী আৰু একাংশ প্ৰকৃতিপ্ৰেমীয়ে বনৰীয়া হাতীটোক স্থানীয় ৰাইজে বিহ পান কৰায় হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হাতীটোৰ মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

ইতিমধ্যে, চিকিৎসকসহ বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে এসময়ত বিভিন্ন প্ৰকাৰৰ মূল্যৱান গছ-গছনি, আপুৰুগীয়া বনৰীয়া জীৱ-জন্তু আৰু বনজ সম্পদেৰে ভৰপূৰ উল্টাপানী বনাঞ্চলত ব্যাপক মাত্ৰাত একাংশ লোকে বেদখল কৰি খেতি-বাতি কৰি থকাৰ পৰিণতিতে হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ঘটনাই সংকীৰ্ণ কৰি তুলিছে বন বিভাগ তথা প্ৰকৃতিপ্ৰেমীক।