NORTHEAST NOW (Assamese)

ক্ষুধাৰ্ত জন্তুক খাদ্য দিয়ক : চিৰিয়াখানা কৰ্তৃপক্ষক নিৰ্দেশ বনমন্ত্ৰীৰ

May 9, 2018 8:01 pm · এন ই নাও নিউজ
অসম ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কালত বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। ফটো : নৰ্থইষ্ট নাও

নতুনকৈ দায়িত্বপ্ৰাপ্ত বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যান পৰিদৰ্শন কৰাৰ সময়ত মঙলবাৰে চিৰিয়াখানা কৰ্তৃপক্ষক চিৰিয়াখানাখনৰ জন্তুসমূহক পৰ্যাপ্ত খাদ্য আৰু চিকিৎসা আগবঢ়াবলৈ কঠোৰ নিৰ্দেশ দিয়ে।

বন আৰু পৰিবেশ মন্ত্ৰী শুক্লবৈদ্যই লগতে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক জীৱ-জন্তুসমূহক বচাই ৰাখিবলৈ এক পৰিচ্ছন্ন পৰিবেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চিৰিয়াখানা ভ্ৰমণ কৰা বন আৰু পৰিবেশ মন্ত্ৰী শুক্লবৈদ্যই লগতে কয়, ‘’ অতি শীঘ্ৰেই কৰ্ণাটকৰ মাইশ’ৰৰ পৰা ৰাজ্যিক চিৰিয়াখানালৈ দুটা জিৰাফ অনা হ’ব।‘’

উল্লেখযোগ্য যে ২০১৪ চনৰ পৰাই ৰাজ্যিক চিৰিয়াখানাত কোনো জিৰাফ নাই।

২০ বছৰ ধৰি ৰাজ্যিক চিৰিয়াখানাৰ দৰ্শকৰ প্ৰধান আকৰ্ষণ হিচাপে থকা লক্ষ্মী নামৰ এটি মাইকী জিৰাফ বয়সজনিত ৰোগত আক্ৰান্ত হৈ ২০১৪ চনত মৃত্যু হোৱাৰ পিছত চিৰিয়াখানাখনত কোনো জিৰাফ নাই।

ইয়াৰ আগেয়ে অসম ৰাজ্যিক চিৰিয়াখানা সুৰক্ষা মঞ্চই চিৰিয়াখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে হৰিণাৰ মাংস খোৱাৰ অভিযোগ তুলিছিল।

সুৰক্ষা মঞ্চই লগতে চিৰিয়াখানাৰ আৱাসিক কল’নিত হৰিণা মৰাৰ অভিযোগো আনিছিল।

 

Related News