NORTHEAST NOW (Assamese)

কৰিমগঞ্জৰ বান পৰিস্থিতি সম্পৰ্কত মুখ্য মন্ত্ৰী সোণোৱালৰ জিলা উপায়ুক্তৰে বাৰ্তালাপ

June 18, 2018 8:42 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কৰিমগঞ্জ জিলাৰ উপায়ুক্তৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰি জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে বাৰ্তালাপৰ জৰিয়তে উপায়ুক্তগৰাকীক উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। লগতে বানপানীত নিহত হোৱা সকলৰ পৰিয়ালৰ নিকটাত্মীয়ক এককালীন সাহায্য শীঘ্ৰে প্ৰদানৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।

তাৰোপৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত জনসাধাৰণক প্ৰশাসনৰ তৰফৰ পৰা যথোচিত সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মুখ্য মন্ত্ৰী গৰাকীয়ে উপায়ুক্তক নিৰ্দেশ দিয়ে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে জৰুৰীকালিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত প্ৰশাসনক সষ্টম হৈ থকাৰ বাবেও নিৰ্দেশ দিয়ে যাতে বানাক্ৰান্ত সকলৰ উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষীপ্ৰতৰ ভাৱে চলাব পাৰে।

Related News