কৰ্তব্যত গাফিলতি : পানীখাইতি আৰক্ষীৰ চকীৰ উপ পৰিদৰ্শককে ধৰি ১০ জন আৰক্ষীক অপসাৰণ

পানীখাইতি আৰক্ষী চকী

কৰ্তব্যত গাফিলতিৰ অভিযোগত পানীখাইতি আৰক্ষী চকীৰ এজন আৰক্ষী উপ পৰিদৰ্শক আৰু এজন সহকাৰী উপ পৰিদৰ্শককে ধৰি দুজন কনিষ্টবলক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে আন ৬ জন গৃহৰক্ষী বাহিনীৰ জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

আৰক্ষী চকীটোৰ উপ পৰিদৰ্শক বৰসিং টেৰাং, সহকাৰী উপ পৰিদৰ্শক তাৰক ডেকা, কনিষ্টবল বিশ্বজিৎ শৰ্মা আৰু নন্দকিশোৰ বৈথাক সাময়িকভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

আনহাতে, গৃহৰক্ষী বাহিনীৰ জোৱান আনিছউদ্দিন আহমেদ, সঞ্জীৱ তালুকদাৰ, অশোক কলিতা, যতীন বড়ো, দীপক কলিতা, শংকৰ ৰামছিয়াৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। বৰ্তমান উপ পৰিদৰ্শক প্ৰাঞ্জল চেতিয়াক আৰক্ষী চকীটোৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ৬ আগষ্ট সোমবাৰে পানীখাইতী আৰক্ষীয়ে চন্দন ভৰালী নামৰ লোকজনক আটক কৰি আৰক্ষী চকীত হেণ্ডকাফ লগাই থৈছিল। ভৰালীৰ বিৰুদ্ধে ফেচবুকৰ জৰিয়তে বহু যুৱতীৰ সৈতে  প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি শাৰীৰিক সম্পৰ্কৰ ভিডিঅ’ ৰেকৰ্ডিঙেৰে যুৱতীক ব্লেকমেইল কৰাৰ অভিযোগ আছিল।

পিচে, ৭ আগষ্টৰ নিশা অভিযুক্ত চন্দন ভৰালীয়ে পানীখাইতি আৰক্ষী চকীৰ জিম্মাৰ পৰা পলায়ন কৰি আত্মহত্যা কৰিছিল। আৰক্ষী চকীটোৰ কাষতে এজোপা গছত চিপ লৈ আত্মহত্যা কৰা চন্দন ভৰালীৰ মৃতদেহটো তেওঁৰ পৰিয়ালক নজনোৱাকৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ আৰক্ষীয়ে প্ৰেৰণ কৰিছিল।

চন্দন ভৰালীৰ আত্মহত্যাৰ ঘটনাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ আনিছিল ভৰালীৰ পৰিয়ালে।

ইপিনে, কামৰূপ জিলা প্ৰশাসনে ৮ আগষ্টত চন্দন ভৰালীৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতেই বৃহস্পতিবাৰে পানীখাইতি আৰক্ষী চকীৰ উক্ত আৰক্ষী কেইজনক কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে।