শোচনীয় হৈ পৰা বামাখাতা-কৰ্দৈগুৰি গড়কাপ্তানি পথটো সদায় ব্যৱহাৰ কৰি অহা ভুক্তভোগী ৰাইজৰ এক বৃহৎ সংখ্যক আজি স্বতঃস্ফূৰ্তভাৱে পথলৈ ওলাই আহি পথ অৱৰোধ কৰে। পথটো মেৰামতি কৰাৰ বাবে কৰা সকলো আৱেদন অৰণ্য ৰোদনত পৰিণত হোৱাৰ পিছত গুৰুপ্ৰসাদ দাস (সম্পাদক), নিশান্ত দাস (সম্পাদক), কুশল ৰয়ৰ নেতৃত্বত আছুৰ হস্তিনাপুৰ আঞ্চলিক কমিটী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।
প্ৰতিবাদকাৰীসকলে পথ বন্ধ কৰি তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কৈছে যে এই পথটো বজালী মহকুমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথৰ এটা যিটোৱে বজালীৰ সদৰ ঠাই পাঠশালাক বহুকেইখন ৰাজহ গাঁৱৰ সৈতে সংযোগ কৰে। এই পথটোৱে পাটাছাৰকুছি বিধানসভা সমষ্টি আৰু ভৱানীপুৰ বিধানসভা সমষ্টিকো সংযোগ কৰায়।এই পথটোৰ একাংশ পৰে পাটাছাৰকুছি আৰু আনটো অংশ ভৱানীপুৰ বিধানসভা সমষ্টিত পৰে।
প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে যে ৪১নং ভৱানীপুৰ সমষ্টিৰ বিধায়ক আব্দুল কালাম আজাদ আৰু ৪২নং পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই সঠিক সময়ত পথটোৰ মেৰামতিৰ কাম কৰোৱাত ব্যৰ্থ হৈছে আৰু উপায়বিহীন হৈ মানুহে এই বিপজ্জনক পথটো ব্যৱহাৰ কৰিবলগীয়া হৈ আছে। এইপথটোত থকা দলঙবোৰৰ মূৰত খহনীয়া হোৱাৰ উপৰিও পথটোৰ মাজে মাজে গাঁতৰ সৃষ্টি হৈ বেয়াকৈ নষ্ট হৈ পৰিছে।
ৰাইজে অভিযোগ কৰিছে যে বৰ্তমান পথটো এটা মৰণফাণ্দলৈ ৰূপান্তৰিত হৈ পৰিছে আৰু পথটোত দুৰ্ঘটনা এটা নিত্য নৈমিত্যিক ঘটনা হৈ পৰিছে। এই পথটোৰে অহা-যোৱা ছাত্ৰ-ছাত্ৰী আৰু অন্যন্য লোকসকল অবৰ্ণনীয় অৱস্থাৰ মুখামুখী হ’বলগীয়া হয়। এই পথটোৱে কেন্দুগুৰিত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে আৰু সেয়েহে এই পথচোৱা যান–বাহন আৰু মানুহৰ আহ-যাহে দিন ৰাতি ব্যস্ত কৰি ৰাখে।
এই পথটোৰে যান-বাহনৰ ভীৰ বাঢ়ি অহাৰ বাবে এতিয়া বহন কাৰ প্ৰয়োজন হৈ পৰিছে। কেন্দুগুৰিৰ পৰা গহীনপৰালৈ অহা প্ৰথমৰ খিনি পথ তুলনামূলকভাৱে দ’ সেয়েহে পহুমাৰা নদীৰ পানীয়ে বাৰিষা পথটোৰ একাংশ ডুবাই পেলায় আৰু সেয়েহে ৰাইজে উক্ত পথচোৱা ওখ কৰাৰ বাবে দাবী তুলিছে।
প্ৰতিবাদকাৰীসকলে বিজেপিনেতৃত্বাধীন চৰকাৰৰ বিপক্ষে শ্লোগান দিয়ে আৰু তেওঁলোকৰ দাবীৰ সপক্ষে প্লেকাৰ্ড প্ৰদৰ্শন কৰে। ৰাইজে সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শান্তনা বৰাৰ যোগেদি বৰপেটা জিলাৰ উপয়ুক্ত থানেশ্বৰ মালাকৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বজালী আৰক্ষী প্ৰশাসনৰ এটা আৰক্ষীৰ দলসহ মহকুমা আৰক্ষী বিষয়া তেলেশ্বৰ শইকীয়াই পৰস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদস্থলীত উপস্থিত হয়।