কৰ্মক্ষেত্ৰত অনুকূল বাতাবৰণ সৃষ্টিৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CM_video_conference

ভিডিঅ’ কনফাৰেন্সিঙত মুখ্য মন্ত্ৰী{

সৌ সিদিনা সদনত এজনো মন্ত্ৰী উপস্থিত নথকাৰ বাবে বিধানসভাৰ কামকাজ বন্ধ কৰিব লগীয়া হোৱাৰ দুদিন পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জিলাৰ উপায়ুক্তসকলক কৰ্মক্ষেত্ৰত অনুকূল বাতাবৰণ সৃষ্টিৰ বাবে সক্ৰিয় পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে।

আজি জনতা ভৱনত হোৱা ‘‘উন্নতি’ শীৰ্ষক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্য মন্ত্ৰীজনে এই নিৰ্দেশৰ লগতে আন বহুকেইটা দিশত উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। চৰকাৰী সকলো বিভাগৰ মাজত ‘এটা টীম’ হিচাপে কাম কৰাৰ মানসিকতা গঢ় দিয়াৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁলোকক আহ্বান জনায়। লগতে তেওঁ চৰকাৰী আঁচনি ৰূপায়নৰ অগ্ৰগতিৰো বুজ লয়।

আনহাতে এন আৰ চিৰ কামকাজ ত্ৰুটিহীন হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীজনে সমগ্ৰ ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হোৱা বংশ বৃক্ষৰ পৰীক্ষণৰ কাম-কাজ অত্যন্ত নিষ্ঠাসহকাৰে কৰাৰ কথা কয়।

কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ উপায়ুক্তসকলক ভাৰত-বাংলাদেশৰ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰত ফ্লাড লাইট স্থাপনৰ কাম ক্ষিপ্ৰ গতিত সমাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীজনে লগতে অংগনৱাড়ী কেন্দ্ৰসমূহলৈ পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত খৰতকীয়া পদক্ষেপ ল’বলৈও উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

এনৰেগা, ভেন্দৰ পৰিচালনা নীতিৰ ৰূপায়ণ, ইন্দিৰা আৱাস যোজনা আৰু প্ৰধান মন্ত্ৰীৰ আৱাস যোজনা আদি গ্ৰামোন্নয়ন আঁচনিসমূহৰো পৰ্য্যালোচনা কৰা হয় এই ভিডিঅ’ কনফাৰেন্সিঙত।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে বাৰে বাৰে কৰ্ম সংস্কৃতিৰ গঢ়াৰ আহ্বান জনাই আহিলেও ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, বিষয়া-কৰ্মচাৰীয়ে প্ৰকৃততে গুৰুত্ব দিয়ে নে নিদিয়ে- এনে ধৰণৰ প্ৰশ্ন উদয় হৈছে জনসাধাৰণৰ মনত।

কাৰণ অলপতে বিধানসভাৰ মজিয়াত দিয়া তথ্যত দেখা গৈছে যে চৰকাৰী বিভাগবোৰৰ প্ৰায় সকলোৱেই নিৰ্ধাৰিত পুঁজি ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে, অথচ বিত্তীয় বৰ্ষ শেষ হ’বলৈ ডেৰমাহ মাত্ৰ বাকী। তাৰোপৰি এজনো মন্ত্ৰী নথকা বাবেই বিধানসভাৰ কাৰ্য্যক্ৰমণিকা স্থগিত ৰাখিব লগীয়াৰ দৰে পৰিস্থিতিও হ’ল প্ৰথমবাৰৰ বাবে।