‘ৰাজ্য চৰকাৰে ২১ জুনত দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে ৰাজ্যখনত কৰ্মচাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদেও দৰমহা আসোঁৱাহ সমিতিৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰিছো’। আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই।
তেওঁ লগতে দৰমহা আঁসোৱাহ সমিতিয়ে বিবেচনা নকৰা আসোঁৱাহসমূহ সদৰী কৰি কয় যে সংশোধিত হাৰৰ দৰমহাত পে’ বেণ্ড ১ ৰ পৰা ৩ লৈ পে’ বেণ্ডৰ দৈৰ্ঘ্যতা বৃদ্ধি কৰা, সংশোধিত দৰমহা ১ জানুৱাৰী, ২০১৬ৰ পৰা কাৰ্য্যকৰী কৰা, চাকৰিৰ প্ৰায় শেষ বয়সত দৰমহাৰ স্থবিৰতা দূৰীকৰণৰ বাবে যোগ্যতাৰ মাপকাঠীৰ ব্যৱস্থা নাইকীয়া কৰা, প্ৰতিটো গ্ৰেড পে’ত পৃথক দৰমহা লাভালাভৰ জৰিয়তে মূল দৰমহা নিৰ্ধাৰণ কৰা বিষয়টো পুনৰ বিবেচনা কৰা, দৰমহা সংশোধনীৰ পূৰ্বে লাভ কৰা ফিক্স টি একে ধৰি অন্যান্য ভাট্টাসমূহ পুনৰ আদায় দিয়া, ঘৰ ভাড়া বানচ ১০,৮, ৭ শতাংশলৈ হ্ৰাস কৰাৰ বিপৰীতে পূৰ্বৰ দৰে ১৫, ১২, ১০ শতাংশলৈ বৃদ্ধি কৰা, MACPS ৰ বৰ্তমানৰ অৱস্থা সবলীকৰণ কৰা, বিভাগসমূহৰ বষয়া-কৰ্মচাৰীৰ দৰমহা গাঁথনিত ৰৈ যোৱা আঁসোৱাহ আৰু দৰমহাৰ আঁসোৱাহ সমিতিয়ে বিবেচনা নকৰা বিষয়সমূহ পুনৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিব লাগে।
তদুপৰি ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰ সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে আঁচনি ৰূপায়ণ কৰাৰ বাবে তেওঁ সংবাদমেলখনৰ জৰিয়তে চৰকাৰক দাবী জনায়। কলিতাই কয়— ‘কৰ্মৰত কেজুৱেল, ফিক্সড পে’, মাষ্টাৰৰোল কৰ্মীসকলৰ দৰমহা তথা অন্যান্য সা-সুবিধা বৃদ্ধি কৰাৰ লগতে সংশোধিত দৰমহাৰ ক্ষেত্ৰত পাবলগীয়া ২১ মাহৰ বকেয়া আদায় দিয়া আদি বিষয়ৰ ওপৰত আলোচনাৰ মাধ্যমত মীমাংসা কৰাৰ পোষকতা কৰিছো।‘
তদুপৰি উক্ত সংবাদমেলৰ জৰিয়তে কলিতাই ৰাজ্য চৰকাৰক এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ বাবে আহ্বান জনাই লগতে কয় যে দৰমহা আঁসোৱাহ সমিতি আঁসোৱাহ সমূহ দূৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
সেয়েহে এই বিষয়সমূহ অতি শীঘ্ৰে আলোচনা কৰিবৰ বাবে তেওঁলোকে ৰাজ্য চৰকাৰক আহ্বান জনায়।