খাদী-গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাত বিশ্ব মৌমাখি দিৱস পালন

ভাৰতৰ খাদী গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত ২০ মে’ত বিশ্ব মৌমাখি দিৱস উদযাপিত হয়। প্ৰথম বাৰৰ বাবে কঁহৰাৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃত অনুষ্ঠিত এই দিৱসত কাজিৰঙা অঞ্চলৰ হিতাধিকাৰীৰ মাজত ১০০০ টা মৌ বাকচ বিতৰণ কৰা হয়।

এই বিশ্ব মৌমাখি দিৱস উদযাপন অনুষ্ঠানত গোলাঘাট, যোৰহাট আৰু নগাঁও জিলাৰ প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে। উল্লেখযোগ্য যে বিগত সময়ত দিয়া এই মৌ পালন প্ৰশিক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  ৮ খন পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ  ৬২ গৰাকী সদস্যই অংশগ্ৰহণ কৰিছিল।

খাদী আৰু গ্ৰামোদ্যোগৰ উদ্যোগত আয়োজিত এই  অনুষ্ঠানত আয়োগৰ কেন্দ্ৰীয় অধ্যক্ষ বিনয় কুমাৰ চাক্সেনা, উত্তৰ-পূৰ্বাঞ্চলৰ মাণ্ডলিক সদস্য নাৰায়ণ বৰকটকী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদ্বীপ বৰুৱা, আৰু বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম উপস্থিত থাকে।

আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বিগত সময় চোৱাত খাদী গ্ৰামোদ্যোগে অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা মৌ পালন প্ৰশিক্ষণত অংশ গ্ৰহন কৰা শতাধিক প্ৰশিক্ষাৰ্থীক অনুষ্ঠানতে মানপত্ৰ আৰু মৌমাখিৰে সৈতে  ১০ টাকৈ মৌ বাকচ প্ৰদান কৰে।

উল্লেখ্য যে প্ৰথম বাৰৰ বাবে একেলগে ইমান বৃহৎ পৰিমাণৰ বাকচ মৌমাখিৰে সৈতে দিয়া হৈছে বুলি অনুষ্ঠানত আয়োগৰ সদস্য বিনয় কুমাৰ চাক্সেনাই কয় ৷ অধ্যক্ষ গৰাকীৰ মতে প্ৰথম পৰ্যায়ত সমগ্ৰ ভাৰতবৰ্ষত ২৬,০০০ মৌ পালকক মৌ বাকচ প্ৰদান কৰি মৌ পালনৰ উৎসাহ দিয়া হ’ব আৰু ইয়াৰ বাবে খাদী গ্ৰামোদ্যোগে মৌপালকক প্ৰশিক্ষণো প্ৰদান কৰিব।

ইফালে অনুষ্ঠানৰ পূৰ্বে খাদী গ্ৰামোদ্যোগৰ কেন্দ্ৰীয় অধ্যক্ষ গৰাকীয়ে কজিৰঙাৰ শংকৰদেৱ শিশু নিকেতন আৰু কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মৌৰ বটল বিতৰণ কৰে।