মুখ্য মন্ত্ৰী সোণোৱালে অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ দ্বাৰা সকলো প্ৰকাৰৰ খাৰিফ শস্যৰ ওপৰত নিম্নতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্তক আদৰণি জনাইছে। এই সিদ্ধান্ত অনুসৰি ২০১৮-১৯ চনলৈকে এই মূল্য বলৱৎ থাকিব। মুখ্য মন্ত্ৰী সণোৱালে কৈছে যে ইয়াৰ পৰা কৃষকসকলৰ আয় যথেষ্ট বৃদ্ধি হ’ব।
মুখ্য মন্ত্ৰীয়ে কয়, ‘‘অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ এই সিদ্ধান্ত এটা ঐতিহাসিক সিদ্ধান্ত আৰু ইয়ে চৰকাৰ যে কৃষকৰ আয় বৃদ্ধি কৰা আৰু জন কল্যাণৰ প্ৰতি যে দায়বদ্ধ তাক প্ৰতিফলিত কৰিছে।
২০১৮-১৯ৰ কেন্দ্ৰীয় বাজেটৰ ঘোষণাত খাৰিফ শস্যৰ উৎপাদন ব্যয়ৰ অতি কমেও ১৫০শতাংশ নিম্নতম সমৰ্থন মূল্য হিচাপে স্থিৰ কৰাৰ পূৰ্ব নিৰ্ধাৰিত নীতিৰ প্ৰতিশ্ৰুতি চৰকাৰে ৰক্ষা কৰিছে।
অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ অনুমোদনে ২০২২ চনৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যক বাস্তৱায়িত হোৱাত সহায় কৰিব।
মুখ্য মন্ত্ৰগৰাকীয়ে আৰু কয় যে শস্য বীমাকৰণৰ বাবে মবাইল এপ, ৰাষ্ট্ৰীয় কৃষি বজাৰৰ (National Agriculture Market) সমগ্ৰ ভাৰত অন্তৰ্গত বৈদ্যুতিন বাণিজ্য মঞ্চৰ(pan India electronic trading platform) বিকাশ, ভূমি স্বাস্থ্য কুপন (soil health card), পৰম্পৰাগত কৃষি বিকাশ যোজনা, প্ৰধান মন্ত্ৰী কৃষি সিঞ্চায়ী যোজনা,ডেডিকেটেড অনলাইন ইণ্টাৰফেচ ই-কৃষিসংবাদ আদি কৃষক-উপযোগী উদোগে কৃষকসকলৰ আয় যথেষ্ট বৃদ্ধি কৰিব বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।