খেলপথাৰ ধ্বংস : আছু, যুৱ-ছাত্ৰৰ তীব্ৰ নিন্দা, মুখ্য মন্ত্ৰী সোণোৱালৰ জৰুৰী হস্তক্ষেপ দাবী

khapara veterinary playground guwahati

খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিশাল আৰু অসমৰ ভিতৰতে উৎকৃষ্ট খেলপথাৰখন শাসনাধিষ্ঠ বিজেপি দলে ধ্বংস কৰাৰ বাতৰি নৰ্থ ইষ্ট নাও-ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত আজি ৮ জুনত এই সন্দৰ্ভত অসমৰ বিভিন্ন দল-সংগঠন-ব্যক্তি সৰৱ হৈ পৰাৰ লগতে বিষয়টোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।

নিজৰ খেলপথাৰখনৰ পৰাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপকক খেদি পঠোৱা কাৰ্য্যক কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

যোৱা ২০ আৰু ২১ জানুৱাৰিত খেলপথাৰখনত হোৱা আৰ এচ এচৰ ‘লুইতপৰীয়া হিন্দু সমাৱেশ’ৰ এদিন আগতে খেলপথাৰখনত খোজ কাঢ়িবলৈ যোৱা কৃষি বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ অধ্যাপককো আনকি আৰক্ষীয়ে খেদাই পঠোৱাৰ অভিযোগো নৰ্থ ইষ্ট নাও-ৰ ৭ জুনৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।

সমাৱেশ, প্ৰদৰ্শনীৰ বাবে ‘চৰকাৰক বিকল্প স্থানৰ ব্যৱস্থা’ কৰিবলৈ দাবী জনাই গগৈয়ে পশু চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক স্ব-অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নৰ্থ ইষ্ট নাও-ৰ জৰিয়তে আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও-ক তেওঁ কয় ‘খেলপথাৰখন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ। গতিকে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁলোকে এই অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰক’।

আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা সঞ্জীৱ বৰাই এই ক্ষেত্ৰত ‘মুখ্যমন্ত্ৰী’ৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।

খেলপথাৰখনত ক্ৰীড়াৰ সৈতে সম্পৰ্ক নোহোৱা ‘ৰাজনৈতিক সভা-সমিতি অনুষ্ঠিত কৰাৰ তীব্ৰ বিৰোধিতা’ কৰি বৰাই কয়, ‘পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰখনত ৰাজনৈতিক সভা-পতা কাৰ্যই তাৰ গাতে লাগি থকা শিক্ষানুষ্ঠান খনৰ শৈক্ষিক পৰিৱেশত আঘাত হানিছে।’

‘এখন খেলপথাৰত হেলিপেড নিৰ্মাণ কৰা, ক্ৰিকেটৰ ‘পিটচ’ পুতি পেলোৱা’টো ‘দুৰ্ভাগ্যজনক’ বুলি মন্তব্য কৰি খেলপথাৰখনৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকক পুলিছে খেদি পঠোৱাক ‘গৰিহণা’ দিছে।

এখন আৰ টি আই আবেদনৰ উত্তৰত কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে জনাইছিল যে যোৱা ২০১৭ চনৰ মে’ত কেন্দ্ৰৰ এন ডি এ’ চৰকাৰৰ তৃতীয় তথা অসমৰ বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত ভাগ ল’বলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ত বিজেপিয়ে ক্ৰিকেট পিত্চখন মাটিৰে পুতি পেলাইছিল।

খেলপথাৰখনত কোনো চৰকাৰী বা ৰাজনৈতিক অনুষ্ঠান চলি থকাৰ সময়ত ভি আই পি, ভি ভি আই পিৰ নিৰাপত্তাৰ নামত কাষৰ পথটোৰে জৱাহৰ নগৰত থকা ডক্তৰ্ছ হ’ষ্টেল আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা ছাত্ৰাবাস দুটালৈ যোৱাতো আনকি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক বাধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অগপ নেতা, প্ৰাক্তন সাংসদ তথা পশু চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক ডাঃ অৰুণ কুমাৰ শৰ্মাই।

‘খেলপথাৰখনত হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণ দাবী কৰি শৰ্মাই কয় ‘এইখন এখন শিক্ষানুষ্ঠানৰ খেলপথাৰ। গতিকে প্ৰথমতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ অধিকাৰ সুনিশ্চিত হ’ব লাগে।

ৰঞ্জিত নেওগে জনাইছিল যে যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ এক জনসভাৰ বাবে আইন-শৃংখলাৰ ব্যৱস্থা কৰিবলৈ ক্ৰীড়া প্ৰকল্পটোৰ সীমাৰ দেৱাল ভাঙি দিবলৈ যোৱা ২০১৪ চনৰ ফেব্ৰুৱাৰিত দিচপুৰ ৰাজহ চক্ৰৰ বিষয়াই নিৰ্দেশ দিছিল। প্ৰতিশ্ৰুতি অনুসৰি দেৱালৰ সেই ভঙা অংশসমূহ বিজেপিৰ অসম প্ৰদেশে ঠিক কৰাৰ কথা আছিল যদিও দেৱালবোৰ ভঙাৰ চাৰি বছৰ উকলি যোৱাৰ পিছতো আজিপৰ্য্যন্ত এইসমূহ পুনৰ্নিৰ্মাণ কৰা হোৱা নাই।

‘অসম কৃষি বিশ্ববিদ্যালয়ৰ কোনো বিষয়াই কোনো সংগঠনকে এই দেৱালসমূহ ভাঙিবলৈ কৰ্তৃত্ব দিয়া নাছিল আৰু কোনো সংগঠনে বিশ্ববিদ্যালয়ক কোনো ক্ষতিপূৰণ দিয়া নাই,’ বুলিও আৰ টি আইৰ আবেদনৰ উত্তৰত কোৱা হৈছিল।

আনহাতে এই সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয় শিক্ষক সংস্থাই এতিয়াও কোনো মন্তব্য আগবঢ়াবলৈ অস্বীকাৰ কৰিছে।

‘এই বিষয়ত সংস্থাৰ কাৰ্যকৰী সমিতিৰ সভাত আলোচনা কৰিব’ বুলি নৰ্থ ইষ্ট নাওক জনাই সংস্থাৰ সাধাৰণ সম্পাদক ডা: হিমাংশু বৰুৱাই।

গুৱাহাটীৰ বুকুৰ এই বিশাল আৰু আধুনিক সা-সুবিধাযুক্ত খেলপথাৰখন খোদ শাসনাধিষ্ঠ দল বিজেপিয়েই ধ্বংস কৰা বুলি অসম কৃষি বিশ্ববিদ্যালয়ে কৰা স্পষ্ট অভিযোগ আৰু এই সন্দৰ্ভত দল-সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিজেপিৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।

ক্ৰীড়াৰ বিকাশৰ বাবে ১৯৭৭ চনত স্থাপন কৰা এই বহুমুখী ক্ৰীড়া প্ৰকল্পটো ‘গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী’ কৰি তোলাৰ সপোন দেখা মুখ্য মন্ত্ৰী সোণোৱালে ৰক্ষা কৰাৰ বাবে পদক্ষেপ ল’বনে?

খেলপথাৰ ধ্বংসৰ অভিযোগত অভিযুক্ত বিজেপি দলক মুখ্য মন্ত্ৰীয়ে ক্ষতিপূৰণ দিয়াৰ বাবে বাধ্য কৰিব পাৰিবনে?