NORTHEAST NOW (Assamese)

গণশিল্পী সূৰ্য দাসক কপিলীপৰীয়া ৰাইজৰ ‘সংগীত-প্ৰদীপ’ উপাধি প্ৰদান

May 24, 2018 1:15 pm · এন ই নাও নিউজ
গণশিল্পী সূৰ্য দাসক বৃহত্তৰ কপিলীপৰীয়া ৰাইজে "সংগীত-প্ৰদীপ" বিশেষণেৰে বিভূষিত কৰাৰ মুহূৰ্ত। ফটো : নৰ্থ ইষ্ট নাও

হোজাই যমুনামুখৰ মহাবাহু জাতীয় সংঘৰ ব’হাগী উৎসৱ অনুষ্ঠানত অসমৰ বিশিষ্ট গণশিল্পী সূৰ্য দাসক বৃহত্তৰ কপিলীপৰীয়া ৰাইজে যোৱা নিশা “সংগীত-প্ৰদীপ” বিশেষণেৰে বিভূষিত কৰে। সমূহ ৰাইজৰ উপস্থিতিত সংগীত শিল্পীগৰাকীক এই উপাধি প্ৰদান কৰে।

একেই মঞ্চতেই হোজাই জিলা কবি সন্মিলন, যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থা, মহিলা পৰিষদ, কপিলীপৰীয়া উন্নয়ন পৰিষদকে আদি কৰি কেইবাটাও সংস্থাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে তেখেতক সম্বৰ্ধনা জনায়।

গণ শিল্পীগৰাকীক উপাধি প্ৰদান অনুষ্ঠানত সঞ্জীৱ বৰুৱা, মুকুতা বৰা, বিপুল শৰ্মা, পংকজ শৰ্মা, বুবুলী শইকীয়া, মুকুল শইকীয়া, অৰুন বৰা, অপূৰ্ব কুমাৰ বৰা, পাপু চৌধুৰী, প্ৰণয় কাশ্যপ বৰাকে প্ৰমুখ্য কৰি যমুনামুখৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে সাংবাদিক ৰাজু শইকীয়া, নীলকমল শইকীয়া, প্ৰদুম্ন বৰা উপস্থিত থাকে। অনুষ্ঠানটি সামগ্ৰিকভাৱে তপন কুমাৰ নগঞাই আঁ‌ত ধৰে।

‘মানুহ দেখিছো আজি, বহুত মানুহ’ শীৰ্ষক গানটোৰে অসমত খলকনিৰ সৃষ্টি কৰা দৰদী কণ্ঠৰ অধিকাৰী সূৰ্য দাস অসমৰ ৰাইজৰ মাজত গণশিল্পী হিচাপে পৰিচিত। শিল্পীগৰাকীয়ে ঐতিহাসিক অসম আন্দোলনৰ সময়তো বহুকেইটা স্বদেশ প্ৰেমৰ গান গাই জনপ্ৰিয় হৈ পৰিছিল। অসমৰ মাটি-পানী-বায়ুৰ গোন্ধ থকা তেওঁৰ গীতসমূহত অসমীয়া জাতীয়তাবাদৰ প্ৰতিধ্বনিয়ে স্পষ্ট ৰূপত সকলোৰে চিন্তা-চেতনা জাগ্ৰত কৰি তোলে।

Related News