গণৰাজ্য দিৱসত কটকটীয়া নিৰাপত্তা

আগন্তুক গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰতো নিৰাপত্তামূলক ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে। সন্ত্ৰাসবাদী সংগঠনসমূহৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সাম্ভব্য সকলো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বিমান বন্দৰ কৰ্তৃপক্ষ সাজু হৈ আছে। এই প্ৰসংগত মোহনবাৰী বিমান বন্দৰৰ সঞ্চালক মুঘাভী ঝিমোই কয়, ‘’গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত আমি প্ৰতিবাৰে যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু থাকো আৰু আমাৰ নিৰাপত্তা সকলো সময়তে কটকটীয়া হৈ থাকে।‘’

একেদৰে চবুৱাস্থিত ভাৰতীয় বিমান বাহিনীৰ ঘাটিতো পাঠানকোট আক্ৰমণৰ দৰে ঘটনা ঘটিব পাৰে বুলি চোৰাংচোৱা সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পাছত তাতো  নিৰাপত্তা ব্যবস্থা অতিৰিক্তভাৱে শক্তিশালী কৰি তোলা হৈছে। বিভাগীয় সূত্ৰই জনোৱা মতে উদয় অসমৰ নেতৃত্বত আলফা স্বাধীনৰ পাঁচজনীয়া দল এটাই গণৰাজ্য দিৱসৰ উদযাপনত ব্যাঘাত জন্মাবলৈ অসমত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ যিকোনো চৰকাৰী স্থানত আঘাত হানিব পাৰে।

আনহাতে উজনি অসমৰ তিনিচুকীয়া জিলাক নিৰাপত্তাৰক্ষী সংস্থা সমূহে সকলোতকৈ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰিছে। অৰুণাচল প্ৰদেশৰ সীমাৰে সন্ত্ৰাসবাদীসকলে সহজতে ইয়াত উপস্থিত হ’ব পাৰে বাবে এই জিলাখনত বিগত  দিনবোৰত ইয়াত বহুকেইটা সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈছে। সেইবাবে আৰক্ষী প্ৰশাসনে এই জিলা দুখনৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰে আমাৰ সংবাদদাতাক জনোৱা মতে আৰক্ষীয়ে ইতিমধ্যে জিলাখনত নৈশ পেট্ৰলিং আৰু তালাচী খৰতকীয়া কৰি তুলিছে আৰু জিলাখনত  চিআৰপিএফৰ অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত আয়োজন কৰা চৰকাৰী কাৰ্যসূচীৰ মাত্ৰ ৫০০ মিটাৰ দূৰৈত এখন চাহ বাগিচাৰ নলা এটাত সন্ত্ৰাসবাদীয়ে এটা বোমা দলিয়াই বিস্ফোৰিত কৰিছিল।

আনহাতে কেইদিনমানৰ আগেয়ে তিনচুকীয়া জিলাৰ অৰুণাচল সীমাৰ নামচিক গে’টত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে বহুকেইখন অইল টেংকাৰত জুই লগাই দিছিল।

ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই আমাৰ সংবাদদাতাক জনোৱা অনুসৰি উক্ত অঞ্চলটো ডাঠ হাবিৰে ভৰা বাবে সন্ত্ৰাসবাদীসকলে এই পথটো সহজতে ব্যবহাৰ কৰিব পাৰে। সেইবাবে ইয়াত এতিয়া সেনাৰ সঞ্চালন বৃদ্ধি কৰা হৈছে।