• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটৰ বিদ্যালয়ত নিম গছৰ পুলি ৰোপণ কৰিলে অসমৰ ‘গ্ৰীন মিশ্যনে’

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
January 10, 2018 12:33 pm
158
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা গৈ গুজৰাটৰ এখন বিদ্যালয়ৰ চৌহদৰ ভিতৰত নিমগছৰ পুলি ৰোপণ কৰিলে বৰপেটাৰ বজালী অঞ্চলৰ স্বেচ্ছাসেৱী প্ৰকৃতি সংগঠন ‘গ্ৰীন মিশ্যনে’। প্ৰকৃতিৰ সেউজীয়া তথা স্বাস্থ্য অনুকূলতা ৰক্ষাৰ বাবে কাম কৰি অহা এই সংগঠনটোৱে নামনি অসমৰ বিভিন্ন ঠাইত যোৱা সাত বছৰৰ ভিতৰত প্ৰায় ২৫ হাজাৰ বৃক্ষ ৰোপণ কৰা বুলি দাবী কৰে।

সংগঠনটোৱে গুজৰাটৰ ভাদনাগৰ চহৰত থকা বি এন উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত গ্ৰীন মিশ্যনৰ সঞ্চালক আনন্দ খাটনিয়াৰে প্ৰকৃতি সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি তথা দায়বদ্ধতা সৃষ্টিয়েই ইয়াৰ উদ্দেশ্য বুলি কয়।

উল্লেখযোগ্য যে এইখন বিদ্যালয়তে দেশৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰীজনে শিক্ষা লৈছিল বুলি জনা গৈছে।

নিজৰ সংগঠনটোৰ কামকাজ সম্পৰ্কে বিৱৰণ দি খাটনিয়াৰে কয় যে মানুহৰ জীৱনত সেউজীয়া আৰু স্বাস্থ্যনুকূল পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজোৰা সজাগতা সৃষ্টি কৰাটো ইয়াৰ লক্ষ্য। কিছুমান ইতিবাচক পদক্ষেপৰ জৰিয়তে আৰু লগতে সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰিব পৰা যায়।

‘উদ্ভিদ হ’ল আমাৰ শ্ৰেষ্ঠ বন্ধু আৰু আমাৰ জীৱন সিহঁতৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদে আমাক অক্সিজেন দিয়ে। অক্সিজেন অবিহনে মানুহ জীয়াই থকা সম্ভৱ নহয়। গছে মানুহক ছাঁও দিয়ে। মুঠতে গছ অবিহনে আমি জীয়াই থকাই সম্ভৱ নহয়। কিন্তু বন ধ্বংসৰ ফলত আজি গছৰ পৰা আমি পোৱা সুফলবোৰ নোপোৱা হৈছো।’

 

সাংবাদিকৰ আগত এইদৰে কয় প্ৰকৃতিপ্ৰেমী তথা স্বেচ্ছাসেৱী সংগঠনটোৰ সঞ্চালক খাটনিয়াৰে।

আনহাতে গুজৰাটৰ বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ কাৰ্য্যসূচীত সহযোগ কৰে বুলি তেওঁ সদৰী কৰে।

Recent News

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd