অসমৰ পৰা গৈ গুজৰাটৰ এখন বিদ্যালয়ৰ চৌহদৰ ভিতৰত নিমগছৰ পুলি ৰোপণ কৰিলে বৰপেটাৰ বজালী অঞ্চলৰ স্বেচ্ছাসেৱী প্ৰকৃতি সংগঠন ‘গ্ৰীন মিশ্যনে’। প্ৰকৃতিৰ সেউজীয়া তথা স্বাস্থ্য অনুকূলতা ৰক্ষাৰ বাবে কাম কৰি অহা এই সংগঠনটোৱে নামনি অসমৰ বিভিন্ন ঠাইত যোৱা সাত বছৰৰ ভিতৰত প্ৰায় ২৫ হাজাৰ বৃক্ষ ৰোপণ কৰা বুলি দাবী কৰে।
সংগঠনটোৱে গুজৰাটৰ ভাদনাগৰ চহৰত থকা বি এন উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত গ্ৰীন মিশ্যনৰ সঞ্চালক আনন্দ খাটনিয়াৰে প্ৰকৃতি সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি তথা দায়বদ্ধতা সৃষ্টিয়েই ইয়াৰ উদ্দেশ্য বুলি কয়।
উল্লেখযোগ্য যে এইখন বিদ্যালয়তে দেশৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰীজনে শিক্ষা লৈছিল বুলি জনা গৈছে।
নিজৰ সংগঠনটোৰ কামকাজ সম্পৰ্কে বিৱৰণ দি খাটনিয়াৰে কয় যে মানুহৰ জীৱনত সেউজীয়া আৰু স্বাস্থ্যনুকূল পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজোৰা সজাগতা সৃষ্টি কৰাটো ইয়াৰ লক্ষ্য। কিছুমান ইতিবাচক পদক্ষেপৰ জৰিয়তে আৰু লগতে সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰিব পৰা যায়।
‘উদ্ভিদ হ’ল আমাৰ শ্ৰেষ্ঠ বন্ধু আৰু আমাৰ জীৱন সিহঁতৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদে আমাক অক্সিজেন দিয়ে। অক্সিজেন অবিহনে মানুহ জীয়াই থকা সম্ভৱ নহয়। গছে মানুহক ছাঁও দিয়ে। মুঠতে গছ অবিহনে আমি জীয়াই থকাই সম্ভৱ নহয়। কিন্তু বন ধ্বংসৰ ফলত আজি গছৰ পৰা আমি পোৱা সুফলবোৰ নোপোৱা হৈছো।’
সাংবাদিকৰ আগত এইদৰে কয় প্ৰকৃতিপ্ৰেমী তথা স্বেচ্ছাসেৱী সংগঠনটোৰ সঞ্চালক খাটনিয়াৰে।
আনহাতে গুজৰাটৰ বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ কাৰ্য্যসূচীত সহযোগ কৰে বুলি তেওঁ সদৰী কৰে।