গুণগত শিক্ষাৰ প্ৰসাৰক প্ৰধান লক্ষ্য হিচাপে লৈ ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত পালন কৰা গুণোৎসৱৰ ফলাফলত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় গোৱালপাৰা জিলা। ইয়াৰ উপৰি গুণোৎসৱত শিক্ষা খণ্ডৰ ক্ষেত্ৰতো ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে গোৱালপাৰা জিলাৰে লক্ষীপুৰ শিক্ষা খণ্ডই। শিক্ষা খণ্ডটোৰ ফলাফলক লৈ আনন্দিত হৈ এটা সমদল উলিয়াই ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু বিষয়া-কৰ্মচাৰীসকলে ফটকা ফুটাই আনন্দ উৎসৱ পালন কৰে।
উল্লেখ্য যে শিক্ষাৰ মান উন্নীতকৰণৰ উদ্দেশ্যে অসম চৰকাৰে ৰাজ্যখনৰ ২০ খন জিলাত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আৰু জানুৱাৰিৰ প্ৰথম সপ্তাহত বাকী ১৩ খন জিলাত তৃতীয় অৰ্থাৎ অন্তিম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰে।
ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া নৃপেন দাসে আগষ্ট মাহত জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে গোৱালপাৰা জিলাত যোগদান কৰাৰ পিছতেই তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ সন্মুখীন হৈছিল। বিষয়টোক যথেষ্ট গুৰুত্ব প্ৰদান কৰি বিষয়া দাসে বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰে।
জিলাখনত বিষয়া দাসৰ তৎপৰতাৰ বাবেই গুণোৎসৱত ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠত্ব আজুৰি আনিবলৈ সক্ষম হয়। ইয়াৰ লগতে শিক্ষাখণ্ড হিচাপে লক্ষীপুৰ শিক্ষাখণ্ডই অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰে।
উল্লেখ্য যে লক্ষীপুৰ শিক্ষা খণ্ডৰ ১৭৩খন বিদ্যালয়ে ‘এ প্লাছ’ গ্ৰেড পাই প্ৰথম স্থান দখল কৰে। শিক্ষা খণ্ডটোৰ এনে ফলাফলত শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষক-বিষয়াসকলে সভা অনুষ্ঠিত কৰি ফটকা ফুটাই তথা সমদল উলিয়াই আনন্দত মতলীয়া হোৱা দেখা যায়।