গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি মণিপুৰৰ সীমান্ত চহৰ ম’ৰেত তীব্ৰ উত্তেজনা

Body-found-570x320

প্ৰতিনিধিত্বমূলক ফটো

এগৰাকী ভাৰতীয় নাগৰিকৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি শুকুৰবাৰে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষীৰ সূত্ৰৰ পৰা এই কথা প্ৰকাশ পাইছে।

আন্ত:ৰাষ্ট্ৰীয় সীমান্তত থকা মণিপুৰৰ ম’ৰে চহৰৰ মুছলিম নগৰৰ ৫নং ৱাৰ্ডৰ ২০ বছৰীয়া মহম্মদ খেৰুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে।

স্থানীয় বাসিন্দাসকলে নিশ্চিত কৰিছে যে মৃত যুৱকজন আছিল এগৰাকী দৈনিক হাজিৰা কৰা লোক। তেওঁ বন্ধুৰ সৈতে যোৱা বুধবাৰে সীমান্ত অঞ্চলেৰে মাছ মাৰিবলৈ গৈছিল।

অৱশ্যে, মৃত ব্যাক্তিগৰাকীৰ বন্ধুগৰাকী নিজৰ ঘৰলৈ উভতি আহিছিল যদিও খেৰুদ্দিন নিৰুদ্দেশ হৈ আছিল।

উল্লেখযোগ্য যে মৃত যুৱকজনৰ জ্যেষ্ঠ ভাতৃগৰাকীয়ো প্ৰায় ডেৰবছৰ আগেয়ে ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত মাছ মাৰিবলৈ গৈ নিৰুদ্দেশ হৈছিল। তেওঁৰ কোনো সন্ধান আজিলৈকে পোৱা হোৱা নাই।

মৃতদেহ উদ্ধাৰৰ বাতৰি পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল।

বিষয়াসকলে জানিব দিয়ে যে মৃতদেহটো প’ষ্টমৰ্টেমৰ বাবে ইম্ফললৈ নিয়া হৈছিল। বৰ্তমানলৈকে কোনো উগ্ৰপন্থী সংগঠনে এই হত্যাৰ কথা স্বীকাৰ কৰা নাই।

বৃহস্পতিবাৰৰ পুৱাৰ ভাগত মণিপুৰত অসমৰ এগৰাকী গাড়ী চালকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল।

কেইগৰাকীমান অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ গাড়ীখন ভাৰাত লৈ মণিপুৰৰ এখন গাওঁলৈ লৈ গৈছিল। তেওঁ নিৰুদ্দেশ হৈ আছিল আৰু পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল।

কেইমাহমান আগতে এগৰাকী মহিলা চকীদাৰক ম’ৰেত দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হৈছিল। আৰক্ষীয়ে হাত্যাকাৰীক আজিলৈকে ধৰিব পৰা নাই।

ইয়াৰ আগেয়ে বৃহস্পতিবাৰে মণিপুৰ আৰক্ষীয়ে অসমৰ পৰা প্ৰৱেশ কৰিবলৈ বিচৰা তিনিগৰাকী ৰহিংগিয়া মহিলা আৰু এগৰাকী অভিযুক্ত মানৱ সৰবৰাহকাৰীক আটক কৰিছিল।

তেওঁলোকে মহিলা কেইগৰাকী অসমৰ পৰা অহা বঙালী বুলি কৈ মণিপুৰৰ জিৰিবাম জিলাত প্ৰৱেশ কৰিব বিচাৰিছিল। অৱশ্যে, আৰক্ষীয়ে কয় যে তেওঁলোকে বাংলা ক’বই নাজানে।