NORTHEAST NOW (Assamese)

গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ইমেজ আৰু জন সম্পৰ্ক সম্বন্ধীয় পাঠ্যক্ৰম সম্পন্ন

June 29, 2018 9:24 pm · কল্পজ্যোতি শইকীয়া

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা জন সম্পৰ্ক আৰু ইমেজ বিল্ডিং সম্পৰ্কীয় ক্ৰাশ্ব কোৰ্চৰ আজি সফল সামৰণি হৈছে। এই কোৰ্চৰ গ্ৰেজুৱেশ্যন চেৰিমনি ডালমিয়া ভাৰত চিমেণ্টে তেওঁলোকৰ গুৱাহাটীস্থ কৰ্প’ৰেট অফিচত অনুষ্ঠিত কৰে।এই অনুষ্ঠানত কৃতকাৰ্য প্ৰাৰ্থীসকলক প্ৰমাণপত্ৰ আৰু পদক প্ৰদান কৰা হয়। এই পাঠ্যক্ৰমটোৰ যাৱতীয় দায়িত্বত আছিল টাংজেণ্ট ইনষ্টিটিউট অব ইমেজ এণ্ড পি আৰ (Tangent Institute of Image & PR চমুকৈ TIIP) )।

এই পাঠ্যক্ৰমটো সফলতাৰে সম্পন্ন কৰা শিক্ষাৰ্থীসকল হৈছে হৰ্ষ কুটুম, কাব্যশ্ৰী গগৈ, মিনি বেগম চৌধুৰী, নাবাম সাহা, প্ৰিয়ংকা পৌল, শ্ৰাবণী বৰ্মণ আৰু শ্ৰুতিমালা শৰ্মা। ডালমিয়া চিমেণ্টে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী মহামায়া ঘোষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী মনালিজা গোস্বামীক অলপতে ভ্ৰাম্যমান থিয়েটাৰ বঁটা বিতৰণী অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰশংসাপত্ৰ প্ৰদান কৰে।

সামৰণি ভাষণত পাঠ্যক্ৰম সমন্বয়ক শুভংকৰ বেনাৰ্জীয়ে কয় যে অধিবক্তা, ছেলছ পাৰ্ছন, শিক্ষক, চিকিৎসকসকলৰ বাবে কেনেদৰে ইমেজ সৃষ্টি কৰি জন সম্পৰ্কৰ প্ৰসাৰ কৰি পেচাগত দিশত উন্নতি কৰোৱাৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ সূচনা কৰা হ’ব।

Related News