গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ফফংগাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ২৯ জুনৰ সন্ধিয়া সংঘটিত এক দুৰ্ঘটনাত চাৰিজন লোক আহত হয়৷
আহতসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷
ঘটনাৰ বিৱৰণিত প্ৰকাশ যে সন্ধিয়া ৮:৩০বজাত ৰাষ্ট্ৰীয় ঘাইপথটোত অট’ আৰু মাৰুতি এখনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়৷
আহত চাৰিজনক আৰক্ষীয়ে নিজা বাহনৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে৷