গুৱাহাটীত গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ কয়লা মাফিয়া ৰামবিলাস সিঙ
ৰাজ্যত ভয়ংকৰ ৰূপত গঢ় লৈ উঠিছে অবৈধ কয়লা খনন। সমান্তৰালভাবে কয়লা মাফিয়া চক্ৰইও বৃদ্ধি কৰিছে নিজৰ নিজৰ প্ৰভাৱ। ৰাজ্যত কয়লাৰ ছিণ্ডিকেটে তোলপাৰ লগাই থকাৰ সময়তে গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে এজন কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে মহনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা কয়লা মাফিয়াজন উত্তৰ প্ৰদেশৰ ৰামবিলাস সিঙ বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কয়লাভৰ্তি ডাম্পাৰসহ চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আৰু এই গ্ৰেপ্তাৰৰ পাছতেই প্ৰাথমিক অনুসন্ধানত সৰবৰাহকাৰী কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰীৰ ন-মাইলৰ পৰা কয়লা মাফিয়া সিঙক গ্ৰেপ্তাৰ কৰা হয়।
স্মৰ্তব্য যে ক্ষেত্ৰী আৰু যোৰাবাট আৰক্ষীয়ে এক যৌথ অভিযান চলায় কয়লা মাফিয়া সিঙক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি কয়লা মাফিয়াজনক জেৰা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ক্ষেত্ৰী আৰক্ষীয়ে।
মনকৰিবলগীয়া যে উত্তৰ-প্ৰদেশৰ লোক অসমলৈ আহি কিদৰে কয়লাৰ চোৰাং বেহা চলায় যাব পাৰে সেয়া লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
ইয়াৰোপৰি কিছু সচেতন মহলে এই সম্পৰ্কত কয়লা মাফিয়াই নিজৰ ব্যৱসায় সুৰক্ষিত কৰি ৰাখিবৰ বাবে ৰাজনৈতিক মহল, বিশেষকৈ শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ নেতা-পালিনেতাক হাতত ৰখাৰ লগতে নিয়মীয়াকৈ বৃহৎ পৰিমানৰ ধনৰ যোগান ধৰি আহে বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে।