গুৱাহাটীত পাইপযোগে ঘৰতে পাব ৰন্ধন গেছ, ঘোষণা নিয়ামক ব’ৰ্ডৰ অধ্যক্ষৰ

24-05-18 Guwahati- PNGRB 9th CGD Bidding Round

গুৱাহাটীৰ লগতে কামৰূপ (গ্ৰাম্য) জিলাত নগৰ গেছ বিতৰণ ( City Gas Distribution ) আঁচনিৰ অধীনত ঘৰতে পাইপযোগে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰা হ’ব। বৰাক উপত্যকাৰ তিনিখন জিলাকে ধৰি উত্তৰ-পূবৰ চাৰিটাকৈ নতুন অঞ্চলত আনুমানিক ২০২১ চনৰ পৰা আৰম্ভ হ’ব এই ঘৰুৱা গেছৰ পাইপলাইন ব্যৱস্থা।

গুৱাহাটীত আজি ২৪ মে’ত পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক ব’ৰ্ড (Petroleum and Natural Gas Regulatory Board)ৰ অধ্যক্ষ ডি কে ছাৰফে এই কথা ঘোষণা কৰে।

এই নতুন নগৰ গেছ বিতৰণ (City Gas Distribution) পাইপলাইনত অসমৰ কামৰূপ (মহানগৰ) আৰু কামৰূপ (গ্ৰাম্য) জিলা সামৰি এটা ভাগ আৰু বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক সামৰি আনটো ভাগ হ’ব। ইয়াৰ উপৰিও ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰাত এটা ভাগ আৰু গোমতি জিলাত আনটো ভাগ থাকিব।

কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা ‘উৰ্জা গংগা’ প্ৰকল্পৰ অধীনত বাৰাউনিৰ পৰা গুৱাহাটীলৈ গেছ পাইপলাইনৰ সম্প্ৰসাৰণৰ যোগেদি এই সেৱা আৰম্ভ হ’ব।

ছাৰফে কয় যে এই ব্যৱস্থাৰ যোগেদি সমগ্ৰ দেশৰ ২৪ শতাংশ ভূখণ্ডক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে আৰু ই দেশৰ ২৯ শতাংশ জনসংখ্যাক সামৰি ল’ব।

তেওঁ লগতে জনাই যে ভাৰতত ৩৪টা কোম্পানীয়ে এই সেৱাৰ কাম কৰি আছে। ভাৰতত বৰ্তমান ১৬,৫০০ কিঃমিঃ গেছ পাইপলাইন আছে আৰু ১১,৯০০ কিঃমিঃ নতুন পাইপলাইন নিৰ্মাণৰ কাম চলি আছে।

উল্লেখযোগ্য যে অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত অসম গেছ কোম্পানী লিমিটেডৰ অধীনত পূৰ্বৰে পৰা ঘৰুৱা গেছ পাইপলাইন সেৱা চলি আছে।

আনহাতে ব’ৰ্ডৰ বিষয়া এচ ৰথে পৰৱৰ্তী সময়ত সমগ্ৰ উত্তৰ-পূবক এই সেৱাৰ অধীনত সামৰি লৈ উত্তৰ-পূবক এক গেছ নিৰ্ভৰ অৰ্থনীতি (Gas-based Economy) ৰূপে  গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে।

অনুষ্ঠানত উপস্থিত থকা অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে অসমত ‘উৰ্জা গংগা’ প্ৰকল্পৰ পাইপলাইন সম্প্ৰসাৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হ’ব।