গুৱাহাটীৰ গান্ধী মণ্ডপত সংস্থাপন কৰিব ৯৭ মিটাৰ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা

National-Flag-of-India-ili-59-img-1

স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত গুৱাহাটী মহানগৰীৰ গান্ধী মণ্ডপত সংস্থাপন কৰা হ’ব ৯৭ দশমিক ১ মিটাৰ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা। স্মাৰ্ট চিটী অভিযানৰ টীম লীডাৰ অংকুৰ দাসে দেওবাৰে আকাশবাণীৰ ‘দৃষ্টিপাত’ নামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে ২০১৬ চনতে কেন্দ্ৰীয় চৰকাৰৰ স্মাৰ্ট চিটী অভিযানৰ প্ৰথম পৰ্যায়তে গুৱাহাটী মহানগৰীৰ নাম অন্তৰ্ভুক্ত হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ এই অভিযানৰ অধীনত গুৱাহাটীত চাৰিটাকৈ প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।

মানস প্ৰতিম শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অংকুৰ দাসে জানিবলৈ দি কয় যে মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে গান্ধী মণ্ডপৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে মহানগৰীৰ বিভিন্ন স্থানত ৩০ টা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ বাবেও প্ৰকল্প ৰূপায়ণ কৰা হৈছে।

ইফালে স্মাৰ্ট চিটীৰ অধীনত গুৱাহাটী মহানগৰীৰ ২০ টা স্থানত পানীৰ এ টি এম সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২৪ ঘণ্টাই কাৰ্যকৰী হ’বলগীয়া এই পানী এ টি এমসমূহৰ পৰা সৰ্বসাধাৰণে মাত্ৰ ২০ টকা মূল্যত ক্ৰয় কৰিব পাৰিব ৫ লিটাৰ পৰ্যন্ত পানী।

ইয়াৰ উপৰি তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ লগতে ভৰলু, মৰাভৰলু আদি নদীৰ পাৰসমূহ সৌন্দৰ্য বৰ্ধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাতে মহানগৰবাসীয়ে এই স্থানসমূহত অৱসৰ বিনোদনৰ সুবিধা লাভ কৰিব পাৰে। লগতে সমগ্ৰ মহানগৰীতে চি চি টিভি কেমেৰা, বতৰ আৰু পৰিৱেশ সংক্ৰান্তীয় তথ্যকেন্দ্ৰ, ৱাই-ফাই সেৱা প্ৰদানৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলিও উল্লেখ কৰে।